নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেনে আছে সঞ্জয় দত্ত? হাস্পতালত উঠা এখন ৰুগীয়া ফটোৱে ব্যাকুল কৰিলে অনুৰাগীক

নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰঃ আপোন অভিনেতা বা কোনো আপোন ব্যক্তিৰ দুৰ্ভাগ্যই অনুৰাগীৰ মনো ব্যাকুল কৰি তোলে। সবল-সুঠাম শৰীৰৰ অধিকাৰী, বলীউডৰ প্ৰতাপী অভিনেতা সঞ্জয় দত্তৰ অনুৰাগীৰো মন ব্যাকুল কৰি তুলিলে এখন ফটোৱে।

কিছু ৰুগ্ন-ভগ্ন শৰীৰৰ সঞ্জয় দত্তক দেখা গৈছে এখন ফটোত। সম্প্ৰতি হৃদপিণ্ডৰ কৰ্কট ৰোগত আক্ৰান্ত অভিনেতাগৰাকীৰ চিকিৎসা চলি আছে ডুবাইৰ এখন হাস্পতালত। হাস্পতালতে কৰ্মৰত এগৰাকী অনুৰাগীৰ অনুৰোধত উঠা এটা ফটোত সঞ্জয় দত্তক দেখা গৈছে খুব দুৰ্বল শাৰীৰিক ৰূপত।

এই ফটোখনক লৈয়ে ছ’চিয়েল মিডিয়াত উৎকণ্ঠা প্ৰকাশ পাইছে অনুৰাগীৰ মাজত। সুস্বাস্থ্য কামনাৰ পৰা আদি কৰি আৰোগ্য কামনালৈ দেধাৰ পোষ্ট দিছে অনুৰাগীয়ে।

উল্লেখ্য ১১ আগষ্টত শ্বাস-প্ৰশ্বাসত কষ্ট পোৱা অভিনেতাগৰাকী দেহত ধৰা পৰিছিল কাল কৰ্কট।
লীলাৱতী হাস্পতালত প্রথম কেমোথেৰাপি লোৱাৰ পিছত বৰ্তমান দুই যমজ সন্তান শাহৰান আৰু ইকৰা, পত্নী মান্যতাৰ সৈতে ডুবাইতে আছে সঞ্জয়। বৰ্তমান ডুবাইতেই চলিছে অভিনেতা সঞ্জয় দত্তৰ চিকিৎসা।

You might also like