নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হত্যা নহয় আত্ম*হত্যাই কৰিছিল সুশান্ত সিং ৰাজপুতে

নিউজ ডেস্ক, ২৪ মার্চঃ ২০২০ চনৰ ১৪ জুনত বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ সমগ্র দেশ উত্তাল হৈছিল৷ অভিনেতাগৰাকীয়ে চিপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছিল যদিও এয়া এক হত্যাৰ ঘটনা বুলি বিভিন্ন মহলে অভিযোগ তুলিছিল৷ বিভিন্ন মহলৰ অভিযোগৰ পাছত সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ দায়িত্ব অর্পণ কৰা হৈছিল চিবিআইক৷ এই গোচৰৰ তদন্তত বিভিন্ন ব্যক্তিক জেৰা কৰিছিল অনুসন্ধানকাৰী সংস্থাটোৱে৷ আনকি গ্রেপ্তাৰো কৰা হৈছিল কেইবাজনকো৷ ইয়াৰ ভিতৰত আছিল অভিনেতাগৰাকীৰ বান্ধৱী ৰিয়া চক্রৱর্তী আৰু ৰিয়াৰ ভাতৃও৷

চিবিআইৰ গোচৰত নাম আছিল যশৱন্ত বার্মাৰ

অৱশেষত প্রায় ৫ বছৰ পাছত এই গোচৰৰ অন্তিম প্রতিবেদন দাখিল কৰিলে চিবিআয়ে৷ জানিব পৰা গৈছে যে প্রয়াত অভিনেতাগৰাকীৰ মৃত্যু সম্পর্কীয় দুটা গোচৰৰেই প্রতিবেদন মুম্বাই আদালতত দাখিল কৰিছে কেন্দ্রীয় তদন্তকাৰী সংস্থাটোৱে৷ এই প্রতিবেদনত দাবী কৰা হৈছে যে আত্মহত্যা কৰিছিল অভিনেতা সুশান্ত সিং ৰাজপুতে৷ এনে কোনো প্রমাণ চিবিআয়ে তদন্তত নাপালে যাৰ দ্বাৰা ইয়াক হত্যা বুলি দাবী কৰিব পাৰি৷ পাটনাত সুশান্ত সিং ৰাজপুতৰ পিতৃ কেকে সিঙৰ এজাহাৰৰ পিছত ২০২০ চনৰ আগষ্ট মাহত তদন্তৰ দায়িত্ব লাভ কৰে চিবিআয়ে৷ সুশান্তৰ পৰিয়ালৰ অভিযোগ আছিল– এই মৃত্যুৰ নেপথ্যত ৰিয়া চক্রৱর্তী আৰু বহু ব্যক্তি জড়িত আছে৷ সুশান্ত সিং ৰাজপুতক মানসিক নির্যাতন চলোৱাৰ উপৰি অবৈধ আর্থিক লেনদেনৰ জৰিয়তে জুৰুলা কৰা বুলিও পৰিয়ালে অভিযোগ আনিছিল৷ ইয়াৰ বিপৰীতে ৰিয়া চক্রৱর্তীয়েও বিভিন্ন অভিযোগ আনিছিল সুশান্ত সিঙৰ পৰিয়ালৰ সদস্যসকলৰ বিৰুদ্ধে৷ ৰিয়াই অভিযোগ কৰিছিল যে সুশান্তৰ ভগ্ণীসকলে নিজৰ দাবীৰ সপক্ষে প্রামাণিক নথি হিচাপে এখন জাল প্রেছক্রিপচন দেখুৱাইছে৷ অভিনেতাগৰাকীৰ মৃত্যুক লৈ বিভিন্ন মহলে ৰহস্যৰ গোন্ধ পাইছিল যদিও অৱশেষত চিবিআয়ে দুয়োটা গোচৰত প্রতিবেদন দাখিল কৰিছে৷ চিবিআয়ে স্পষ্ট কৰিছে যে সুশান্তৰ মৃত্যুৰ সপক্ষে কোনো অপৰাধমূলক ষড়যন্ত্র বা অন্যায় কার্যৰ সন্ধান লাভ কৰা নাই৷ এই পৰিস্থিতিত ৰিয়া চক্রৱর্তীৰ অধিবক্তা সতীশ মানেশিন্দেই উল্লেখ কৰে যে চিবিআয়ে প্রতিটো দিশ পুংখানুপুংখভাৱে তদন্ত কৰি গোচৰৰ প্রতিবেদন যুগুতাইছে৷ ছ’চিয়েল মিডিয়া আৰু ইলেক্ট্রনিক মিডিয়াত অভিনেতাগৰাকীৰ মৃত্যুক লৈ যি ধৰণে মিছা প্রচাৰ কৰা হৈছিল, তাৰ কোনো প্রয়োজন নাছিল বুলিও অধিবক্তা সতীশে সংবাদ মাধ্যমক জনাইছে৷

You might also like