নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুশান্তৰ আধৰুৱা সপোন পূৰণ কৰিব প্ৰাক্তন প্ৰেমিকা অংকিতা লোখাণ্ডেই…

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰঃ সুশান্তৰ আধৰুৱা সপোন পূৰণৰ দিশে আগবাঢ়িছে পূৰ্বৰ প্ৰেমিকা অংকিতা লোখাণ্ডে। অভিনেতাগৰাকীৰ ভগ্নী শ্বেতা সিং কীৰ্তিয়ে অলপতে অনুৰাগীসকলক আহ্বান জনাইছিল সুশান্তৰ আধৰুৱা সপোন পূৰণ কৰিবলৈ।

ভগ্নীগৰাকীয়ে ছ’চিয়েল মিডিয়াযোগে সুশান্তৰ এটা বিশেষ সপোন গছপুলি ৰোপণেৰে পূৰণ কৰাৰ বাবে অনুৰাগীসকলক কৈছিল। এতিয়া এই আহ্বানৰ প্ৰতি সন্মান জনায়ে সুশান্ত ৰাজপুতৰ প্ৰাক্তন প্ৰেমিকা অংকিতা লোখাণ্ডে যোৱা দেওবাৰে গৈছিল গছপুলি কিনিবলৈ।

গছপুলি ক্ৰয় কৰাৰ পিছত অংকিতাই সাংবাদিকৰ আগত কয়- সুশান্তৰ ৫০টা সপোনৰ এটা আছিল ১০০০টা গছপুলি ৰোপণ কৰা আৰু সুশান্তৰ সেই সপোন ১০০০ গছপুলি ৰোপোণেৰে মই পূৰণৰ চেষ্টা কৰিম। লোখাণ্ডেই লগতে অনুৰাগীসকলকো গছপুলি ৰোপণেৰে সুশান্তৰ সপোন পূৰণৰ বাবে আহ্বান জনায়।

You might also like