আৱৰ্জনা পেলাই বন্ধ কৰিছে খানা নৈৰ গতি
নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ দায়িত্বজ্ঞানহীনতাৰ বাবে প্রচণ্ড ভাবুকিৰ সৃষ্টি হৈছে ৰাজ্যৰ একমাত্র পক্ষী অভয়াৰণ্য দীপৰ বিললৈ৷ দীপৰ বিল আৰু ব্রহ্মপুত্র সংযোগী খানা নৈৰ ওপৰত থকা শ্লুইছ গেটৰ সন্মুখত দ’ম বান্ধি থকা আৱর্জনাই বন্ধ কৰি পেলাইছে খানা নৈৰ স্বাভাৱিক গতি৷ ফলত দীপৰ বিলৰ পানী প্রদূষিত হোৱাৰ সম্ভাৱনাই দেখা দিছে৷ উল্লেখ্য যে খানা নৈৰ ওপৰত গাড়ীগাঁৱত থকা পুৰণি শ্লুইছ গেটখন ভাঙি কিছু আঁতৰত নতুনকৈ এখন শ্লুইছ গেট নির্মাণ কৰে জলসম্পদ বিভাগে৷ পুৰণি শ্লুইছ গেটখনৰ ওপৰেৰে নির্মাণ কৰে এটি যাতায়াতৰ পথ৷ কিন্তু পথটোৰ তলত থকা পুৰণি শ্লুইছ গেটৰ পকী অংশবোৰ আঁতৰ নকৰিলে বিভাগটোৱে৷ তদুপৰি পুৰণি শ্লুইছ গেটৰ ভগা–ছিগা পকী অংশবোৰো পেলাই দিয়ে খানা নৈৰ বুকুত৷ ফলত শ্লুইছ গেটৰ অংশখিনি বাম হৈ পৰে৷ ইয়াৰ ফলত খানা নৈৰে বৈ অহা সমস্ত জাবৰ–আৱর্জনা, অবিবেচক নাগৰিকসকলে ডাষ্টবিন ৰূপে ব্যৱহাৰ কৰি খানা নৈত নিক্ষেপ কৰা বিভিন্ন বর্জিত সামগ্রী আহি শ্লুইছ গেটৰ মুখত সোপা দি ধৰিছে৷ ফলত দীপৰ বিলৰ পৰা খানা নৈৰে বৈ অহা পানীভাগ আবদ্ধ হৈ পৰাত দীপৰ বিলৰ পানী ওফন্দি উঠিছে৷ সোঁত বন্ধ হৈ পৰাৰ বাবে ক্রমাৎ প্রদূষিত হ’ব ধৰিছে বিলখনৰ পানী৷ মন কৰিবলগীয়া যে সম্প্রতি বিলখনৰ বুকু ভৰি আছে দেশী–বিদেশী পৰিভ্রমী বিহংগৰে৷ প্রদূষিত পানীত জলকেলি আৰু খাদ্য গ্রহণ কৰি থকা দেশী–বিদেশী পক্ষী ইয়াৰ বাবে বিভিন্ন ৰোগত আক্রান্ত হোৱাৰ আশংকাই দেখা দিছে আৰু ইয়াৰ সুদূৰপ্রসাৰী প্রভাৱ সমগ্র পক্ষীকুলৰ ওপৰতে পৰাৰ আশংকা আছে৷ শ্লুইছ গেটৰ দাঁতিকাষৰীয়া লোকসকলে শ্লুইছ গেটৰ মুখখন বহলকৈ খান্দি খানা নৈৰ স্বাভাৱিক গতি অব্যাহত ৰাখিবলৈ জলসম্পদ বিভাগক দাবী জনাইছে৷