নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উন্মুক্ত ট্রেন্সফর্মাৰে চন্দ্রপুৰবাসীলৈ মাতিছে বিপদ

নিয়মীয়া বার্তা ৩ ফেব্রুৱাৰীঃ বিদ্যুৎ বিভাগৰ চূড়ান্ত হেমাহিৰ বাবে মহানগৰীৰ পার্শ্বৱর্তী পশ্চিম মায়ং আৰু চন্দ্রপুৰত মৃত্যুদূতৰ ৰূপত থিয় দি আছে প্রায় দহটাকৈ উন্মুক্ত ট্রেন্সফর্মাৰ৷ ফলত যিকোনো সময়ত ভয়ংকৰ বিপদ হোৱাৰ সম্ভাৱনীয়তা প্রকট হৈ আছে অঞ্চলটোত৷ প্রাপ্ত তথ্য অনুসৰি, জাগীৰোড বিদ্যুৎ উপ–সংমণ্ডলৰ অন্তর্গত পশ্চিম মায়ং অঞ্চলৰ কাজলীচকী, গোৱর্ধন, গাৰোবস্তিকে ধৰি কেইবাটাও অঞ্চলত বিগত বহুবছৰ ধৰি উন্মুক্ত অৱস্থাত আছে একাধিক ট্রেন্সফর্মাৰ৷ একেদৰে নাৰেংগী বিদ্যুৎ উপ–সংমণ্ডলৰ অন্তর্গত আকাশীনগৰ, চন্দ্রপুৰ, শিঙিমাৰী, চন্দ্রপুৰ বাগিচাকে ধৰি আন কেইবাস্থানতো উন্মুক্ত তথা অতি বিপজ্জনক অৱস্থাত আছে আন কেইবাটাও ট্রেন্সফর্মাৰ৷ মন কৰিবলগীয়া কথাটো হ’ল যে আটাইকেইটা ট্রেন্সফর্মাৰৰে একাধিক ট্রেন্সফর্মাৰ মূল ব্যস্ততাপূর্ণ পথৰ দাঁতিত থকাৰ বিপৰীতে জনবসতি অঞ্চলতো আছে কেইবাটাও ট্রেন্সফর্মাৰ৷ আনহাতে, ট্রেন্সফর্মাৰকেইটা এনে বিপজ্জনকভাৱে আছে যে প্রায় প্রতিটোৰ কাষেৰে কণ কণ ছাত্র–ছাত্রীৰ পৰা বৃদ্ধলৈকে অহা–যোৱা কৰাৰ উপৰি অহৰহ চলাচল কৰি থাকে সৰু–বৰ বাহন৷ স্থানীয় ৰাইজে প্রকাশ কৰা মতে, উন্মুক্ত ট্রেন্সফর্মাৰকেইটাৰ কথা বিভাগীয় কর্তৃপক্ষক কেইবাবাৰো অৱগত কৰিছে৷ কিন্তু গুৰুত্ব আৰোপ কৰা নাই সংশ্লিষ্ট কর্তৃপক্ষই৷ লগতে ট্রেন্সফর্মাৰকেইটা হাবিয়ে আৱৰি ধৰাৰ ফলত আৰু অধিক বিপজ্জনক হোৱাৰ কথা উল্লেখ কৰি শীঘ্রে বেৰ দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ৰাইজে৷

You might also like