নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেলতলাত গাড়ীৰ ভিতৰত উদ্ধাৰ মৃতদেহ

নিয়মীয়া বাৰ্তা ২২ নৱেম্বৰঃ শুকুৰবাৰে গুৱাহাটী মহানগৰীৰ বেলতলা অঞ্চলত এখন গাড়ীৰ ভিতৰত এটা মৃতদেহ উদ্ধাৰ কৰা হয় । AS01BM-8136 নম্বৰৰ গাড়ী খন বেলতলা তিনিআলিত পাৰ্কিং কৰি থোৱা আছিল। মৃত ব্যক্তি জনক ৰাজকুমাৰ দেউৰী দিছপুৰৰ নিবাসী বুলি চিনাক্ত কৰা হৈছে।
স্থানীয়লোক সকলে জানিবলৈ দিয়া মতে গাড়ী খন যেতিয়া বেলতলা তিনিআলি পাৰ্কিং কৰা আৰু বহু সময়ৰ পিচত গাড়ী চালক জনক অজ্ঞান হোৱা দেখা পাই তেতিয়া স্থানীয় লোকসকলে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে চেন্ট্ৰল নাৰ্চিং হোমত ভৰ্ত্তি কৰায় যদিও চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰে। আৰক্ষীয়ে ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।