নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষ্য পাহাৰৰ বাসিন্দা ঘৰে ঘৰে সংগ্ৰহ ২ হাজাৰ

খিলঞ্জীয়াক ভূমি আবণ্টনৰ নামত গুৱাহাটীত সক্ৰিয় দালাল চক্ৰ

নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ ৰাজ্য চৰকাৰে ভূমিহীন এক লাখ খিলঞ্জীয়া লোকক চলিত বর্ষৰ ভিতৰত মাটি পট্টা প্রদানৰ লক্ষ্য স্থিৰ কৰিছে৷ ইতিমধ্যে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে যোৱা ২৮ জানুৱাৰীত মাজুলীত ভূমি আবণ্টন প্রক্রিয়াৰ শুভাৰম্ভ কৰে৷ মুখ্যমন্ত্রীয়ে ভূমিহীন খিলঞ্জীয়া পৰিয়ালত ভূমি আবণ্টন প্রক্রিয়া আৰম্ভ কৰাৰ পাছতে গুৱাহাটী মহানগৰীত পুনৰ সক্রিয় হৈ পৰিছে এটা অসাধু–দালাল চক্র৷ গুৱাহাটী মহানগৰীৰ আশে–পাশে থকা পাহাৰ অঞ্চলত বসবাস কৰা পৰিয়ালসমূহৰ পৰা এই চক্রটোৱে ভূমি পট্টা দিয়াৰ নামত প্রতিটো পৰিয়ালৰ পৰা পোন্ধৰশৰ পৰা দুই হাজাৰকৈ টকা সংগ্রহ কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে৷ অভিযোগ অনুসৰি, এই দালাল চক্রটোক নেতৃত্ব দিছে মুহিম ডেকা, মহিবুল হক, সৌৰভ আলী আহমেদ আৰু ধীৰেন গোস্বামী নামৰ কেইজনমান লোকে৷ নিজকে ৰাজহ চক্র বিষয়াৰ কার্যালয়ৰ কর্মচাৰী হিচাপে চিনাকি দি এই চক্রটোৱে ইতিমধ্যে বহু লোকক ভূমি পট্টা দিয়াৰ নামত সংগ্রহ কৰিছে লাখ লাখ টকা৷ এক লাখ ভূমিহীন লোকক ভূমি আবণ্টনৰ প্রক্রিয়া আৰম্ভ হোৱাৰ পাছৰে পৰা এই অসাধু দালাল চক্রটোৱে পুনৰ পাহাৰ অঞ্চলত বসবাস কৰা লোকসকলৰ পৰা ১৫০০ৰ পৰা ২০০০ টকা সংগ্রহৰ কাম আৰম্ভ কৰিছে৷ ভুক্তভোগী লোকৰ অভিযোগ অনুসৰি মুহিম, মহিবুল আৰু সৌৰভে জিলা উপায়ুক্তৰ কার্যালয়ৰ পৰা পঠোৱা বুলি কৈ ঘৰে ঘৰে গৈ মাটিৰ জোখ–মাখ কৰে৷ এই তিনিটা দালালে নিজকে মহৰি বুলি চিনাকি দি মাটিৰ জোখ–মাখ কৰাৰ অন্ততঃ ১৫০০ৰ পৰা ২০০০ টকা আদায় লয়৷ ইয়াৰ উপৰি নথি–পত্রসমূহ জমা কৰাৰ বাবদ আৰু টকাৰ প্রয়োজন হ’ব বুলি কৈ সেইখিনি জোগাৰ কৰি ৰাখিবলৈ কয়৷ গুৱাহাটী মহানগৰীত এটুকুৰা ম্যাদী পট্টাৰ ভূমি লাভ কৰাৰ আশাত পৰিয়ালসমূহে তিনি দালালক দুই হাজাৰ টকা দিয়াৰ বাবে কোনো কুণ্ঠাবোধ নকৰে৷ ভুক্তভোগী পৰিয়াল আৰু ভূমিপট্টাৰ দাবীত দীর্ঘদিন ধৰি আন্দোলন কৰি অহা কেইবাটাও দল–সংগঠনৰ নেতৃত্বই জানিবলৈ দিয়া মতে, ধীৰেন গোস্বামী নামৰ লোকজনৰ নেতৃত্বত উক্ত লোককেইজনে ভূমি পট্টা প্রদানৰ নামত বিভিন্ন লোকৰ পৰা ধন সংগ্রহ কৰাৰ অভিযোগ আছে৷ এই অসাধু দালাল চক্রটোৰ বিৰুদ্ধে বিভাগীয় কর্তৃপক্ষক অভিযোগ দিয়া হৈছে যদিও কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ ভূমি পট্টা প্রদানৰ নামত এই দালাল চক্রটোৱে বিভিন্ন লোকৰ পৰা ধন সংগ্রহ কৰি অহা বে–আইনী কার্যকলাপৰ বিৰুদ্ধে শীঘ্রে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ জিলা প্রশাসনক সচেতন ৰাইজে দাবী জনাইছে৷

You might also like