নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭ ডিচেম্বৰত শংকৰদেৱ কলাক্ষেত্ৰত পাৰবিন চুলতানাৰ সংগীতানুষ্ঠান

নিয়মীয়া বাৰ্তা ২২ নৱেম্বৰঃ ভাৰতীয় শাস্ত্ৰীয় সংগীত জগতত এক সুকীয়া আসম দখল কৰা অসম কন্যা পদ্মভূষণ পাৰবিন চুলতানাই অহা ৭ ডিচেম্বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সংগীতানুষ্ঠান পৰিৱেশন কৰিব। সামাজিক-সাংস্কৃতিক গোষ্ঠী দ্য লাইব্ৰেৰীৰ উদ্যোগত এই অনুষ্ঠানত হামে তুমচে শীৰ্ষক কালজয়ী গীতেৰে দেশৰ জনতাৰ হৃদয় জয় কৰা শিল্পী পাৰবিন চুলতানাই উক্ত দিনা অসমৰ ৰাইজক মুগ্ধ কৰিব। বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এখন সংবাদ মেলত দ্য লাইব্ৰেৰী সভাপতি নৱ ভাগৱতী, জনপ্ৰিয় কণ্ঠশিল্পী নমিতা ভট্টাচাৰ্য আৰু পাৰবিন আহমেদে এই কথা সদৰি কৰে। সংবাদ মেলত উদ্যোক্তাসকলে জন্মভূমিত সংগীতানুষ্ঠান পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ পাই পাৰবিন চুলতানা অতিশয় আনন্দিত হোৱা বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে ৭০ দশকতে পাৰবিন চুলতানাই হিন্দুস্থানী শাস্ত্ৰীয় সংগীতৰ মাধ্যমেৰে ভাৰতীয় সংগীত জগতত উজ্জ্বল নক্ষত্ৰৰূপে জিলিকি উঠে আৰু তেওঁৰ গৌৱোজ্জ্বল জয়যাত্ৰা এতিয়াও অব্যাহত আছে।

You might also like