নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত ভয়ানক জলবিস্ফোৰণ, তচনচ ৩০টা গৃহ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২ জানুৱাৰীঃ মহানগৰীৰ খাৰঘুলিত পুনৰ ভয়াৱহ জলবিস্ফোৰণ। পানীৰ পাইপ ফাটি ছুনামিসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে খাৰঘুলিত। ফলত ২০-৩০ ফুট ওপৰলৈ উঠিল পানীৰ ফোঁৱাৰা। জলবিস্ফোৰণ ইমানেই ভয়ায়ক যে সমগ্ৰ অঞ্চল জলমগ্ন হৈ পৰিছে। লগতে কেইবাটাও বাসগৃহ ধ্বংসপ্ৰায় হৈ গৈছে। ইফালে ঘটনাৰ পিছতে পৰিস্থিতি পৰ্যবেক্ষণৰ বাবেই খাৰঘুলিত উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। খাৰঘুলিত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে পানী যোগান আঁচনিৰ পাইপ বিস্ফোৰণ ঘটনাৰ সবিশেষ বুজ লয় আৰু ঘটনাস্থলী পৰিদৰ্শন কৰে। লগতে সংশ্লিষ্ট কৰ্তৃপক্ষ, স্থানীয় ৰাইজ আৰু সংবাদ মাধ্যমৰ লগত সাময়িক পৰিস্থিতি আৰু ভৱিষ্যত কাৰ্যপন্থাৰ বিষয়ে আলোচনা কৰে মন্ত্ৰীগৰাকীয়ে।

You might also like