নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাকুম্ভমেলালৈ গৈ মৃত্যুক সাবটিলে জালুকবাৰীৰ যুৱকে

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ ফেব্ৰুৱাৰীঃ কুম্ভমেলালৈ গৈ এক পথ দুর্ঘটনাত মৃত্যুক আঁকোৱালি ল’লে জালুকবাৰী থানাৰ অন্তর্গত তেতেলীয়াৰ আনন্দজ্যোতি মহন্ত (৩৪) নামৰ লোক এজনে৷ জানিব পৰা মতে, যোৱা ১১ ফেব্রুৱাৰীৰ দিনা কুম্ভমেলালৈ তেতেলীয়াৰ পৰা এখন ইন’ভা গাড়ীৰে ৰাওনা হৈছিল সাতজনীয়া এটা দল৷ দলটোত আছিল আনন্দজ্যোতি মহন্ত (৩৪) আৰু তেওঁৰ পুত্র নিয়ন মহন্ত (১০), ৰাজেশ দাস (৪৫) আৰু তেওঁৰ কন্যা ৰূপা দাস (২৭), ৰাজীৱ দাস (২৭) আৰু তেওঁৰ কন্যা নিকিতা দাস (১৪) আৰু অমৃত দাস (৩৬)৷ উল্লেখ্য যে সাতজনীয়া দলটো কুম্ভমেলাত স্নান কৰি ডভতি অহাৰ পাছত ঝাৰখণ্ডৰ গয়া নামৰ ঠাইখনত সংঘটিত হয় এক দুর্ঘটনা৷ দলটো উঠি অহা ইন’ভাখনে এখন ৰৈ থকা ট্ৰাকৰ পিছফালে প্রচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় চালকৰ আসনত থকা আনন্দজ্যোতি মহন্ত৷ আনন্দজ্যোতি মহন্তৰ মৃতদেহ ঘৰলৈ আনিবলৈ পৰিয়ালৰ লোক ইতিমধ্যে ঝাৰখণ্ড অভিমুখে ৰাওনা হোৱা বুলি জানিব পৰা গৈছে৷ আনহাতে, আন ছয়জনক ঝাৰখণ্ডৰ পৰা এম্বুলেঞ্চৰ জৰিয়তে আনি থকা হৈছে৷

You might also like