নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী বিশ্ববিদ্যালয়ত এবিভিপিৰ শংকৰদেৱৰ তিৰোভাৱ তিথি পালন

বিশেষ বাৰ্তা, ৪ ছেপ্টেম্বৰ : এবিভিপি গুৱাহাটী বিশ্ববিদ্যালয় গোটে আজি শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি পালন কৰে। বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে মিলি প্ৰজ্বলন কৰে ৫৭৫ গছি বন্তি। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ গুৱাহাটী বিশ্ববিদ্যালয় গোটৰ উদ্যোগত আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক তিৰোভাৱ তিথি বিশ্ববিদ্যালয় কেম্পাছত অতি উলহ-মালহেৰে পালন কৰা হয়। মহাপুৰুষজনাৰ ৫৭৫সংখ্যক তিৰোভাৱ তিথি উপলক্ষে সন্ধিয়া বিশ্ববিদ্যালয়ৰ মুকলি মঞ্চত ৫৭৫ গছি বন্তি প্ৰজ্বলন কৰাৰ লগতে নাম-প্ৰসংগৰ এক অনুষ্ঠানো আয়োজন কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰীসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে গুৰুজনাৰ তিৰোভাৱ তিথিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।

You might also like