গুৱাহাটীৰ শিশুৰ মাজত সজাগতা অভিযান দিছপুৰ অনুভূতি নাগৰিক মঞ্চৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ নৱেম্বৰঃ বৃহত্তৰ দিছপুৰ অনুভূতি নাগৰিক মঞ্চই আজি মহানগৰীৰ হাতীগাঁৱৰ খানকা অঞ্চলত এটি সজাগতা অভিযান চলায়। এই কাৰ্যসূচীৰ অংশ হিচাপে মঞ্চই অঞ্চলটোত বাস কৰা অতি দুখীয়া পৰিয়ালৰ শিশুৰ মাজত বিদ্যালয়লৈ যোৱাৰ আৱশ্যকতা, পৰিস্কাৰ-পৰিচ্ছন্নতাৰ প্ৰয়োজনীয়তা আৰু সৎ মানুহ হোৱাৰ সুফলৰ বিষয়ে সজাগতা আনি উৎসাহিত কৰাৰ চেষ্টা চলায়। বৃহত্তৰ দিছপুৰ অনুভূতি নাগৰিক মঞ্চৰ সভাপতি মানসী আদিলৰ নেতৃত্বত অনুষ্ঠিত এই কাৰ্যসূচীত মঞ্চৰ যুটীয়া সম্পাদক অনুৱাৰা বেগম, সহকাৰী সম্পাদক চাহানা পাৰভিজ, কোষাধ্যক্ষ মাজিদা আহমেদ, প্ৰচাৰ সম্পাদক মমী ৰহমান, কাৰ্যকৰী সদস্য গীতাঞ্জলি নায়াৰৰ লগতে স্থানীয় সমাজকৰ্মী চাহাবুদ্দিন আহমেদ, কহিনুৰ বেগম আৰু নাছিৰ শ্বেখো উপস্থিত থাকে। স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে অনুষ্ঠানত উপস্থিত শিশু সকলৰ মাজত কিছু খাদ্যবস্তুৰ বিতৰণ কৰে। উল্লেখযোগ্য যে অৰ্ধশতাধিক শিশু উপস্থিত থকা এই অনুষ্ঠানত উপস্থিত থকা শিশু সকলৰ অধিকাংশই বিদ্যালয়লৈ নোযোৱাৰ কথাটো মঞ্চৰ সদস্য সকলে পৰিতাপেৰে লক্ষ্য কৰে।