নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ নৱেম্বৰঃ গুৱাহাটী মহানগৰীত এটা শক্তিশালী আন্তঃৰাষ্ট্রীয়–চক্রই ড্রাগ্ছ বিক্রী কৰি আহিছে৷ বৰবিহস্বৰূপ ড্রাগ্ছৰ বিৰুদ্ধে মহানগৰ আৰক্ষী আৰু এছটিএফে ধাৰাবাহিক অভিযান চলাই ড্রাগ্ছসহ বহু সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ ড্রাগ্ছ সৰবৰাহকাৰী–চক্র ন ন কৌশলেৰে গুৱাহাটীৰ মাজেৰে ড্রাগ্ছৰ সৰবৰাহ কৰি আহিছে৷ মহানগৰ আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে আন্তঃৰাষ্ট্রীয় ড্রাগ্ছ সৰবৰাহকাৰী–চক্র ভিআইপিৰ চাইৰেন লগোৱা বাহনেৰে ড্রাগ্ছ সৰবৰাহ কৰি অহাৰ ভয়াৱহ তথ্য৷ জালুকবাৰীত ৪ কোটি টকাৰ ড্রাগ্ছসহ দুই সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই চানমাৰি আৰক্ষীয়ে অভিযান চলাই ভিআইপিৰ চাইৰেন লগোৱা এখন বিলাসী বাহনসহ দুই সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ গোপন সূত্রৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত চানমাৰি আৰক্ষীয়ে নুনমাটিৰ হালধি মিলৰ গৃহ নং ৪৬ত অভিযান চলাই মিণ্টু ৰহমান (২৮) আৰু ধন আলী (৪১) নামৰ দুটা ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ ধৃত সৰবৰাহকাৰী দুটাৰ পৰা ৫০টা কণ্টেইনাৰত ভৰাই অনা ৬৮ গ্রাম হেৰ’ইন, ৫৫০টা খালী কণ্টেইনাৰ, ১০ চাবোনৰ খালী বাকচ, চাৰিটা মোবাইল, এএছ–০১ ইডি–৯৯৩০, এএছ ০২–এক্স–৪৮১৪ নম্বৰৰ দুখন স্কুটী এএছ–০১–বিকে–৬৭২৩ নম্বৰৰ এখন ভিআইপিৰ চাইৰেন লগোৱা টয়’টা ইতিয়ছ বাহন, নগদ ৬১,৫০০ টকা জব্দ কৰে৷ ধৃত ড্রাগ্ছ সৰবৰাহকাৰী দুটাই ৰঙা লাইট লগোৱা বাহনেৰে ড্রাগ্ছ সৰবৰাহ কৰাৰ লগতে গুৱাহাটীৰ বিভিন্ন স্থানত বিক্রী কৰি আহিছিল৷ সম্প্রতি চানমাৰি আৰক্ষীয়ে এনডিপিএছ এক্টৰ অধীনত এটা গোচৰ ৰুজু কৰি ধৃত সৰবৰাহকাৰী দুটাক মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ গুৱাহাটী মহানগৰীত বাহনত ভিআইপিৰ চাইৰেন লগাই ড্রাগ্ছ সৰবৰাহ আৰু বিক্রী কৰি অহাৰ তথ্য পোহৰলৈ অহাৰ পিছতে মহানগৰ আৰক্ষীৰ ভিতৰচ’ৰাত তীব্র জোকাৰণিৰ সৃষ্টি হৈছে৷ কেনেদৰে ড্রাগ্ছ সৰবৰাহকাৰীয়ে বাহনত ৰঙা লাইট লগাই আৰক্ষীৰ চকুৰ সন্মুখতে ড্রাগ্ছ বিক্রী কৰি আহিছিল সেই সন্দর্ভত মহানগৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়াই ধৃত সৰবৰাহকাৰী দুটাক জেৰা অব্যাহত ৰাখিছে৷ তদন্তৰ খাতিৰত এতিয়ালৈকে আৰক্ষীয়ে ধৃত ড্রাগ্ছ সৰবৰাহকাৰী দুটাই দিয়া স্বীকাৰোক্তি সন্দর্ভত কোনো তথ্য ৰাজহুৱা কৰা নাই৷