নিয়মীয়া বাৰ্তা ৩০ জুনঃ মেঘালয়ত চলি থকা অবাধ পাহাৰ খননৰ ফলত এজাক বৰষুণত অবর্ণনীয় পৰিৱেশৰ সৃষ্টি হয় গুৱাহাটী মহানগৰীত৷ মেঘালয়ৰ পাহাৰ খনন বন্ধ কৰাৰ দাবীৰে নেচনেল গ্রীন ট্রিবুনেলৰ দ্বাৰস্থ হৈছিল ৰাইজৰ দলৰ কার্যকৰী সভাপতি জিতুল ডেকা৷ তেওঁৰ আবেদনৰ শুনানি গ্রহণ কৰি বিষয়টো সন্দর্ভত তদন্ত কৰিবৰ বাবে মেঘালয় চৰকাৰক নির্দেশ দিছিল গ্রীন ট্রিবুনেলক৷ এই নির্দেশমর্মে মেঘালয় চৰকাৰৰ বন বিভাগে পাহাৰ খননক লৈ এক নিজাববীয়া অনুসন্ধান চলায়৷
অনুসন্ধানত পোহৰলৈ আহে অসমৰ গাতে লাগি থকা মেঘালয়ৰ পাহাৰত অবাধ খনন চলি আছে৷ অভিযোগকাৰীয়ে আবেদনত উল্লেখ কৰাৰ দৰেই এই পাহাৰসমূহত স্থাপন কৰা হৈছিল শতাধিক শিলৰ কোৱেৰী৷ এই অবৈধ শিলৰ কোৱেৰীসমূহৰ বাবে ব্যাপক হাৰত প্রদূষণ হোৱাৰ লগতে গুৱাহাটীত এজাক বৰষুণ দিলেই কৃত্রিম বানৰ সৃষ্টি হয়৷
যাৰ বাবে মেঘালয় চৰকাৰে ১৩৩টা শিলৰ কোৱেৰীক মুঠ ১৫৩,২৭,৪৪,০৬৩ টকাৰ জৰিমনা আদায়ৰ নির্দেশ দিছে৷ নেচনেল গ্রীন ট্রিবুনেলত দাখিল কৰা এক শপতনামাত মেঘালয়ৰ বন আৰু পৰিৱেশ বিভাগৰ সচিব ড০ মনজুনাথা চিয়ে এই তথ্য সদৰী কৰিছে৷ জৰিমনা আদায়ৰ প্রক্রিয়া চলি আছে বুলিও তেওঁ জানিবলৈ দিয়ে৷ ইপিনে, আবেদনকাৰী জিতুল ডেকাই মেঘালয় চৰকাৰৰ এই পদক্ষেপ সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি কয় যে কেৱল জৰিমনা বিহিলেই প্রদূষণ বা গুৱাহাটীৰ বানপানী সমস্যাৰ সমাধান নহয়৷ যিহেতু শিলৰ কোৱেৰীসমূহ সম্পূর্ণৰূপে অবৈধ, গতিকে এই ১৩৩টা শিলৰ কোৱেৰী তৎকালে বন্ধ কৰিব লাগে৷