নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত ভূমি ম্যাদীকৰণক লৈ সক্ৰিয় প্ৰৱঞ্চক চক্ৰ

🔹 নুনমাটিত ফোনযোগে দাবী কৰিলে ধন

মহানগৰ বাৰ্তা, ২৪ জুন : গুৱাহাটী মহানগৰীৰ বাসিন্দাক ভূমি ম্যাদীকৰণ তথা পট্টা দিয়াৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে চলি থকাৰ সময়তে প্ৰৱঞ্চক তথা দালাল চক্ৰ এটা সক্ৰিয় হৈ উঠিছে মহানগৰীত। এই চক্ৰটোৱে আনকি বিভিন্ন নথি আৰু ধন বিচাৰি ফোনযোগে যোগাযোগো কৰিছে একাধিক ভূমিৰ গৰাকীৰ সৈতে।
উল্লেখ্য যে বসুন্ধৰা আঁচনিৰ জৰিয়তে মহানগৰীৰ থলুৱা বাসিন্দাক ভূমিপট্টা দিয়াৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আগবঢ়াই নিছে ৰাজহ বিভাগে। আবেদনৰ ভিত্তিত ইতিমধ্যে ঠায়ে ঠায়ে চৰজমিন জৰীপ পৰ্যন্ত কৰিছে বিভাগীয় কৰ্মচাৰীয়ে। ইয়াৰে সুযোগ গ্ৰহণ কৰি সহজ ধন ঘটাৰ উপায় হিচাপে বাছি লোৱা পৰিলক্ষিত হৈছে দুষ্ট চক্ৰ এটাই। নুনমাটিৰ এজন বাসিন্দাক তেনে এটা প্ৰৱঞ্চক চক্ৰই  জালত পেলোৱাৰ এক ব্যৰ্থ চেষ্টা কৰাৰ এক ঘটনা ঘটিছে। অৱশ্যে সেই জালত পৰাৰ পৰা কৌশলেৰে ৰক্ষা পৰে ব্যক্তিজন।
প্ৰাপ্ত তথ্য অনুসৰি, সোমবাৰে পুৱা প্ৰায় চাৰে দহ বজাত জনৈক ৰাজু দাস বুলি পৰিচয় দিয়া লোক এজনে ৭৮৯৬৪০৩৩১৭ নম্বৰৰ  মোবাইলৰ পৰা নুনমাটি গোপাল নগৰৰ বাসিন্দা ড০ বংশীধৰ কলিতাৰ পত্নী ৰেখা কলিতাৰ ফোন নম্বৰলৈ ফোন কৰে। লোকজনে নিজকে গুৱাহাটী চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী বুলি চিনাকি দি তেওঁলোকৰ ভূমিডোখৰ ম্যাদী হোৱা বুলি কয়। লগতে তেওঁ তেওঁলোকৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ডৰ লগতে তিনি হাজাৰ টকা দিবলৈ কয়। এই ধন অনলাইনযোগে দিব লাগিব বুলিও উল্লেখ কৰে লোকজনে। ব্যক্তিজনৰ কথাত সন্দেহ ওপজাত লোকজনে পূব গুৱাহাটী ভূমি সংস্কাৰ সমিতিৰ বিষয়ববীয়াৰ সৈতে যোগাযোগ কৰে। সমিতিৰ বিষয়ববীয়াই লগে লগে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰি সেয়া কোনো প্ৰৱঞ্চকৰ কাম বুলি নিশ্চিত হয়। তাৰ পিছত লোকজনৰ লগত যোগাযোগ কৰি তেওঁ যে কোনো চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী নহয় সেই কথা কোৱাত অশ্লীল ভাষা ব্যৱহাৰ কৰা বুলি জানিবলৈ দিছে ভুক্তভোগীয়ে।
ব্যক্তিজনৰ সচেতনতাৰ বাবে তেওঁ প্ৰৱঞ্চনাৰ বলি হোৱাৰ পৰা ৰক্ষা পৰে যদিও অশিক্ষিত আৰু সাধাৰণ লোক এনে প্ৰৱঞ্চকৰ জালত পৰি সৰ্বস্বান্ত হোৱাৰ আশংকা প্ৰকাশ কৰিছে সচেতন মহলে। সেই আশংকা ব্যক্ত কৰি চক্ৰটোক উৎখাত কৰাৰ বাবে নুনমাটি থানাত এজাহাৰ দাখিল কৰিছে বংশীধৰ কলিতাই। জানিব পৰা মতে, নুনমাটি আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে লৈ তদন্ত আৰম্ভ কৰিছে।
You might also like