নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত ১০৯টালৈ বৃদ্ধি কণ্টেইনমেণ্ট জ’ন

নিয়মীয়া বাৰ্তা ১৬ জুনঃ ৰাজধানী চহৰ গুৱাহাটীত মাৰাত্মক ক’ৰোনা ভাইৰাছৰ দ্রুত সংক্রমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ মহানগৰীত এটাৰ পিছত আন এটা অঞ্চলত চিনাক্ত হৈছে নতুন নতুন ৰোগী৷ লগে লগে বৃদ্ধি পাইছে কণ্টেইনমেণ্ট জ’নৰ সংখ্যাও৷ আক্রান্ত লোকৰ সংখ্যা ঊর্ধ্বগামী হোৱাৰ লগে লগে মহানগৰীখনৰ বহু অঞ্চলত এতিয়া আৰোপ কৰা হৈছে বিভিন্ন নিষেধাজ্ঞা৷ কামৰূপ মহানগৰ জিলা প্রশাসনৰ তথ্য অনুসৰি গুৱাহাটীত ঘোষণা কৰা কণ্টেইনমেণ্ট জ’নৰ মুঠ সংখ্যা হৈছে ১০৯টা৷ ইয়াৰে ২৮টা অঞ্চলৰ পৰা কণ্টেইনমেণ্ট জ’ন প্রত্যাহাৰ কৰা হৈছে৷ সম্প্রতি গুৱাহাটীত সক্রিয় হৈ থকা কণ্টেইনমেণ্ট জ’নৰ সংখ্যা হৈছে ৮১টা৷ আজি ৰিহাবাৰীৰ এ কে আজাদ ৰোড, পল্টন বজাৰৰ কে চি সেন ৰোড, উলুবাৰীৰ আশ্রম ৰোড, দেৱেন শর্মা ৰোড, আঠগাঁও–৪, বিৰুবাৰীৰ ৩টা অঞ্চল, পাণ্ডুৰ ফেৰীঘাট কলনী, বিষ্ণুপুৰ–২, মালিগাঁও ৰেষ্ট কেম্প, বিমলা নগৰ, গজেন কলিতা পথ কুমাৰপাৰা, আঠগাঁও–৩, লতাশিল, শান্তিনগৰ, কাহিলিপাৰা কলনী বজাৰ, ধীৰেনপাৰা–৩, বামুণপাৰা, শংকৰ নগৰ আৰু ইটাভাতাক নতুনকৈ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে৷ আনহাতে পূব শৰণীয়া, বিষ্ণুপুৰ আৰু ধীৰেনপাৰাৰ কণ্টেইনমেণ্ট জ’ন প্রত্যাহাৰ কৰা হৈছে৷ সমান্তৰালভাৱে গুৱাহাটী কেন্দ্রীয় কাৰাগাৰৰ কণ্টেইনমেণ্ট জ’ন আংশিকভাৱে প্রত্যাহাৰ কৰা হৈছে৷

উল্লেখ্য যে চাৰি এপ্রিলত গুৱাহাটীৰ মাজমজিয়াৰ বিলাসী এপার্টমেণ্ট স্পেনিছ গার্ডেনক প্রথম কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছিল৷ মনীষ তিব্রেৱাল নামৰ এজন ব্যৱসায়ী ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ পিছত স্পেনিছ গার্ডেনৰ চৌহদ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা লগতে ইয়াৰ আৱাসীসকলৰ ছোৱাবৰ নমুনা সংগ্রহ কৰি পৰীক্ষা কৰা হৈছিল৷ পৰৱর্তী সময়ত স্পেনিছ গার্ডেনৰ আন লোক এই ৰোগত আক্রান্ত নোহোৱাত ৩০ এপ্রিলত প্রত্যাহাৰ কৰা হৈছিল কণ্টেইনমেণ্ট জ’ন৷ পৰৱর্তী সময়ত দিল্লীৰ নিজামুদ্দিন মার্কাজৰ পৰা উভতি আহি একাংশ জামাতীয়ে আশ্রয় গ্রহণ কৰা আঠগাঁও মছজিদ আৰু কবৰস্থানক যোৱা ১০ এপ্রিলত কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছিল৷ অর্থাৎ দ্বিতীয়টো কণ্টেইনমেণ্ট জ’ন চিনাক্ত কৰিবলৈ সময় লাগিছিল ৬ দিন৷ কিন্তু ইয়াৰ পিছতে মহানগৰীত সংক্রমণ বৃদ্ধি পোৱাত কণ্টেইনমেণ্ট জ’নৰ সংখ্যাও ক্রমাগতভাৱে বৃদ্ধি পাবলৈ আৰম্ভ কৰে৷ দীপিকা নাথ নামৰ এগৰাকী যুৱতীৰ ক’ৰোনাত মৃত্যু হোৱাৰ পিছত ৮ মে’ত কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছিল বি বৰুৱা কর্কট প্রতিষ্ঠানৰ আৱাসিক অঞ্চল৷ একেটা দিনতে বৰোদা দাস নামৰ এগৰাকী মহিলা এই ৰোগত আক্রান্ত হোৱাত অমিয় নগৰক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছিল৷ সেইদিনাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসক লিথিকেশ দাস আক্রান্ত হোৱাত এক আৰু ৫ নম্বৰ হোষ্টেল ছীল কৰা হয়৷ ইয়াৰ পিছতে দৈনিক কণ্টেইনমেণ্ট জ’নৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে৷ বিগত ৩৭ দিনতে মহানগৰীখনত মুঠ ১০৯টা কণ্টেইনমেণ্ট জ’ন চিনাক্ত কৰা হয়৷ কালিৰ দিনটোতে গুৱাহাটীত মুঠ ২০টা অঞ্চল কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে কামৰূপ মহানগৰ জিলা প্রশাসনে৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে প্রাথমিক অৱস্থাত ক’ভিড–১৯ত লোক আক্রান্ত হোৱাৰ লগে লগে সমগ্র জিলাখনকে ৰেড জ’নত অন্তর্ভুক্ত কৰা হৈছিল৷ পৰৱর্তী সময়ত কেন্দ্রীয় গৃহ মন্ত্রালয়ে এই নিয়মৰ ক্ষেত্রত কিছু সালসলনি কৰে৷ সেই অনুসৰি সমগ্র জিলাখনক ৰেড জ’নত অন্তর্ভুক্ত কৰাৰ বিপৰীতে ৰোগীয়ে বাস কৰা অঞ্চলক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয় যাতে জিলাসমূহৰ আন অঞ্চলসমূহত অর্থনৈতিক কাম–কাজ আৰু কার্যালয়সমূহৰ নিয়মীয়া কাম–কাজ অব্যাহত থাকে৷ সেই একেই পন্থা অনুসৰণ কৰি মহানগৰীতো ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জ’ন৷ কিন্তু আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত মহানগৰীৰ বিস্তীর্ণ অঞ্চল অন্তর্ভুক্ত হৈছে কণ্টেইনমেণ্ট জ’নত৷ সম্প্রতি মহানগৰীৰ ব্যস্ততম অঞ্চলসমূহৰ অন্যতম হেঙেৰাবাৰী, পাণবজাৰ, আৰ জি বৰুৱা ৰোড, জু–তিনিআলি, ফটাশিল, খ্রীষ্টানবস্তি, আমবাৰী, বামুণীমৈদাম, মালিগাঁও, ঘোঁৰামাৰা, পল্টন বজাৰ, নুনমাটি, লালগণেশ, লখৰা, গীতামন্দিৰ আদি অঞ্চলত কণ্টেইনমেণ্ট জ’ন সক্রিয় হৈ আছে৷ অৱশ্যে কণ্টেইনমেণ্ট জ’নসমূহৰ ক্ষেত্রত জিলা প্রশাসনে কেতবোৰ গুৰুত্বপূর্ণ নির্দেশনা প্রদান কৰিছে৷ সেই অনুসৰি কণ্টেইনমেণ্ট জ’নত অন্তর্ভুক্ত হোৱা অঞ্চলসমূহৰ বাসিন্দা অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে কোনো কামত বাহিৰলৈ ওলাব নোৱাৰিব৷ কেৱল জৰুৰীকালীন সেৱাৰ সৈতে জড়িত ব্যক্তিহে এই অঞ্চলসমূহ ভ্রমণ কৰিব পাৰিব৷ প্রাথমিক অৱস্থাত মহানগৰীৰ কণ্টেইনমেণ্ট জ’নসমূহত এই নীতি–নির্দেশনাসমূহ অতি কঠোৰভাৱে ৰূপায়ণ কৰা হৈছিল৷ কিন্তু সময় বাগৰাৰ লগে লগে কণ্টেইনমেণ্ট জ’নসমূহৰ বাসিন্দাই ইয়াৰ নীতি–নিয়ম ভংগ কৰা পৰিলক্ষিত হৈছে৷ আনকি বহু স্থানত কণ্টেইনমেণ্ট জ’নত বাঁহ বান্ধি দিয়েই প্রশাসনে দায়িত্ব সামৰিছে বুলি অভিযোগ উত্থাপিত হৈছে৷ যাৰ ফলত একাংশ কণ্টেইনমেণ্ট জ’নৰ বাসিন্দাই বিভিন্ন কামত ঘৰৰ পৰা বাহিৰলৈ ওলাই অহা পৰিলক্ষিত হৈছে যাক লৈ শংকিত হৈ পৰিছে কণ্টেইনমেণ্ট জ’নৰ সংলগ্ণ অঞ্চলসমূহৰ বাসিন্দাসকল৷ ব্যাপক গণ সংক্রমণৰ আশংকা কৰাৰ সময়তে কণ্টেইনমেণ্ট জ’নসমূহত দেখা দিয়া এনে শিথিলতাই পৰিস্থিতি অধিক ভয়াৱহ কৰি তোলাৰো আশংকা কৰা হৈছে৷ অৱশ্যে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে কণ্টেইনমেণ্ট জ’নসমূহৰ নির্দিষ্ট কৰি দিয়া নীতি–নিয়মসমূহ কঠোৰভাৱে পালন কৰিবলৈ আহ্বান জনাইছে সংশ্লিষ্ট লোকসকলক৷ অন্যথা নিয়ম ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব বুলিও উপায়ুক্তগৰাকীয়ে সকীয়াই দিছে৷

উল্লেখ্য যে ভ্রমণ বৃত্তান্ত নথকাকৈ বহুসংখ্যক লোক ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ পিছতে উদ্বিগ্ণতা প্রকাশ কৰি আহিছে প্রশাসনে৷ জ্ঞাত ক’ৰোনা ভাইৰাছৰ উৎসৰ প্রত্যক্ষ সংস্পর্শলৈ নহাকৈয়ে এই লোকসকল আক্রান্ত হোৱাত ক’ৰোনা ভাইৰাছৰ ভয়াৱহ পর্যায় সামাজিক সংক্রমণ ঘটিবলৈ আৰম্ভ হোৱা বুলি শংকা ব্যক্ত কৰা হৈছে৷ যাৰ বাবে মহানগৰীত অতি দ্রুতগতিৰে ক’ৰোনাৰ পৰীক্ষা কৰিবলৈ স্বাস্থ্য বিভাগে বিশেষ পদক্ষেপ গ্রহণ কৰিছে৷ অহা ৩০ জুনৰ ভিতৰত মহানগৰীত ৫০ হাজাৰ লোকৰ নমুনা পৰীক্ষাৰ সিদ্ধান্ত গ্রহণ কৰিছে স্বাস্থ্য বিভাগে৷ এনে সময়তে এজনৰ পিছত আন এজন লোক আক্রান্ত হোৱাত শংকা অধিক ঘনীভূত হৈ পৰিছে৷ কালি ছেৰাপভাটিৰ এটা কণ্টেইনমেণ্ট জ’নত বাস কৰা ১৪জন লোকৰ শৰীৰত ধৰা পৰিছিল ক’ৰোনা ভাইৰাছৰ উপস্থিতি৷ গেলামাল দোকানীৰ পৰা আৰম্ভ কৰি বনকৰা মহিলালৈ, আৰক্ষীৰ পৰা চোৰলৈ, চিকিৎসকৰ পৰা চিকিৎসা কর্মীলৈ ক’ৰোনা ভাইৰাছৰ সংক্রমণ ঘটাত আগন্তুক সময়ত এই ৰোগে অধিক দ্রুতগতিত মহানগৰবাসীক সংক্রমিত কৰাৰ আশংকা কৰা হৈছে৷

You might also like