গুৱাহাটীত বানপানীৰ বিভীষিকা , হেল্পলাইন নম্বৰ মুকলি প্ৰশাসনৰ
গুৱাহাটীত বানপানীৰ বিভীষিকা , হেল্পলাইন নম্বৰ মুকলি প্ৰশাসনৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ মে’ : আকৌ গুৱাহাটীত কৃত্ৰিম বান। আজি হঠাতে পৰিৱেশ সলনি হৈ পৰে মহানগৰীৰ। কালিৰে পৰা অহা নেৰানেপেৰা বৰষুণৰ ফলত ঠায়ে ঠায়ে ভৰি পৰিছে পানী। এই বৰষুণৰ ফলত কৃত্ৰিম বানৰ সমস্যা ত্ৰমাৎ বৃদ্ধি পাইছে। এতিয়া মহানগৰীৰ অলি-গলি ভৰি পৰিছে পানীৰে।
গুৱাহাটীৰ কৃত্ৰিম বান যেন এতিয়া নিত্য নৈমিত্তিক সমস্যাত পৰিণত হৈছে। বিগত দুদিন ধৰি কৃত্ৰিম বানত বুৰ গৈ আছে গুৱাহাটীৰ বিস্তীৰ্ণ অঞ্চল। যোৰাবাট. ৰুক্মিণীগাওঁ, ভিআইপি ৰোড, ৱায়াৰলেছ, চানমাৰি, ৰাজগড়, লাচিত নগৰ, আমবাৰী, মালিগাঁও, বৰাগাওঁ, বেলতলা, ছয়মাইল, হাতীগাওঁ, অনিল নগৰ, নবীন নগৰ, জু-ৰোড, জটীয়া, কাহিলীপাৰা, সৰু মটৰীয়া, বৰ মটৰীয়া, দিছপুৰ, পাঞ্জাবাৰী আদি মহানগৰীৰ প্ৰায়বোৰ অঞ্চলতে সৃষ্টি হৈছে কৃত্ৰিম বানৰ। মুষলধাৰ বৰষুণৰ ফলত মহানগৰীত হাহাকাৰ পৰিস্থিতি৷ দোকানবজাৰ বন্ধ, পথত গাড়ী মটৰ বিকল, জনতাৰ পানীৰ মাজত ককবকনি, ৰাজপথত এছডিআৰএফৰ ৰবৰৰ নাও চলাচল, শ শ মানুহৰ ঘৰৰ ভিতৰত পানী৷ এতিয়া মহানগৰবাসী বিপৰ্যস্ত৷ সাহায্যৰ ব্যৱস্থা কৰা নাই প্ৰশাসনে৷
ইয়াৰ মাজতে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত চলাচল কৰা ফেৰী সেৱাও বন্ধ কৰি দিয়া হৈছে। নেৰানেপেৰা বৰষুণ আৰু বতাহৰ বাবে সাময়িকভাৱে বাতিল ফেৰী সেৱা। বতৰ ফৰকাল নোহোৱা পৰ্যন্ত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত ফেৰী চলাচল বন্ধ থাকিব।
মহানগৰ প্ৰশাসনৰ হেল্পলাইন নম্বৰ মুকলি
কালি বৃহস্পতিবাৰৰে পৰা অহা নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানত একাকাৰ হৈ পৰিছে মূল ৰাজপথৰ লগতে পদপথ। এই বৰষুণৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু কৰ্মস্থলীলৈ ওলাই যোৱা লোকসকলে। বহুজনে বানৰ বাবে কামলৈও যাব নোৱাৰিলে। কৃত্ৰিম বানকলৈ চিন্তিত হৈ পৰিছে চৰকাৰ তথা প্ৰশাসন। আজি মহানগৰ প্ৰশাসনে মুকলি কৰিছি দুটাকৈ হেল্পলাইন নম্বৰ। সেই নম্বৰ দুটা হৈছে- ০৩৬১১০৭৭ আৰু ৯৩৬৫৪২৯৩১৮। গুৱাহাটীৰ বাসিন্দাসকলৰ বানৰ বাবে উদ্ভৱ হোৱা যিকোনো সমস্যাতে প্ৰশাসনৰ লোকক এই দুটা নম্বৰত ফোন কৰিব পাৰিব।