গুৱাহাটীৰ ৰবীন্দ্র ভৱনত সুৰসংগমৰ ‘নৃত্য আৰু গীতৰ এসন্ধ্যা’
নিয়মীয়া বাৰ্তা ১৪ ডিচেম্বৰঃ মহানগৰীৰ ৰবীন্দ্র ভৱনত কালি অনুষ্ঠিত হয় ‘নৃত্য আৰু গীতৰ এসন্ধ্যা’৷ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত ভাৰতীয় শাস্ত্রীয় নৃত্য আৰু সংগীতৰ অগ্রণী শিক্ষানুষ্ঠান সুৰসংগমে আয়োজন কৰা নৃত্য–গীতৰ এই অনুষ্ঠানত আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন কথক নৃত্যাংগনা মৰমী মেধি, মেঘৰঞ্জনী মেধি, বিশিষ্ট সংগীতজ্ঞ জয়প্রকাশ মেধিৰ লগতে সুৰসংগমৰ শিক্ষার্থীসকলেও অনুষ্ঠান পৰিৱেশন কৰে৷ অনুষ্ঠানত সুৰসংগমৰ নৱতম প্রযোজনা ‘শিৱ তাণ্ডৱে’ৰে সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ কৰে মৰমী মেধি আৰু মেঘৰঞ্জনী মেধিয়ে৷ সুৰসংগমৰ বিশেষ প্রযোজনা মেঘৰঞ্জনী মেধিৰ ‘মীৰা’ শীর্ষক নৃত্যাভিনয় এই অনুষ্ঠানতে প্রিমিয়াৰ কৰা হয়৷ সংগীতজ্ঞ জয়প্রকাশ মেধিৰ ভজন আৰু গজলৰ মূর্ছনাই সংগীতপ্রেমিক আপ্লুত কৰে৷ উদীয়মান কণ্ঠশিল্পী সূর্যপ্রকাশ মেধিৰ গীতৰ অনুষ্ঠানে কলাপ্রেমীৰ ভূয়সী প্রশংসা লাভ কৰে৷ সুৰসংগমৰ জ্যেষ্ঠ আৰু কনিষ্ঠ শিক্ষার্থীসকলে ত্রিতালত শুদ্ধ নৃত্য, ধ্রুপদ সংগীতত আৰু কৃষ্ণ ভজনত কথক নৃত্য পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে৷ মৰমী মেধিয়ে ৰাম ভজনত এটি নৃত্যাভিনয়ো পৰিৱেশন কৰে৷ সাংস্কৃতিক সঞ্চালক যাদৱ শইকীয়াই বন্তি প্রজ্বলন কৰি শুভ উদ্বোধন কৰা অনুষ্ঠানত দীপজ্যোতি দাস আৰু দীপাংকৰ আৰান্ধৰাই এটি সত্রীয়া নৃত্য পৰিৱেশন কৰে৷