নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ নৱেম্বৰঃ অসম–মেঘালয়ৰ দীর্ঘদিনীয়া সীমা বিবাদৰ সমস্যা সমাধানৰ দিশেৰে আগবাঢ়িছে৷ দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীয়ে সীমা সমস্যা সমাধানৰ বাবে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে দুয়োখন ৰাজ্যৰ মাজত কেইবাখনো বৈঠক অনুষ্ঠিত হৈছে৷ অসম–মেঘালয়ৰ সীমা সমস্যা সমাধানৰ বাবে সৌহার্দ্যপূর্ণ আলোচনা চলি থকাৰ সময়তে মেঘালয়ৰ একাংশ লোকে দল বান্ধি গুৱাহাটীৰ পাটৰকুছি অঞ্চলত অসমৰ ভূমি বেদখল কৰাক লৈ সীমান্তৱর্তী অঞ্চলটোত এতিয়া চেপা উত্তেজনাই বিৰাজ কৰিছে৷ ৰাজধানী দিছপুৰৰ পৰা কেইকিলোমিটাৰ মান নিলগৰ পাটৰকুছিত অসমৰ ভূমি মেঘালয়ৰ লোকে বেদখল কৰি বেনাৰ আঁৰি নিজৰ দখললৈ নিয়াৰ চেষ্টা চলোৱা ঘটনাই দুয়োখন ৰাজ্যৰ মাজত চলি থকা সীমা সমস্যাৰ স্থায়ী সমাধানৰ ক্ষেত্রত বাধাৰ সৃষ্টি কৰিছে৷ বিগত সপ্তাহত সীমান্তৱর্তী পাটৰকুছি অঞ্চলৰ দিছপুৰ ৰাজহ চক্রৰ অন্তর্গত ২১২নং পট্টাৰ পুৰণা দাগ ৯১১১, ৯১২ আৰু ৯১৩ৰ ৩ বিঘা ভূমি মেঘালয়ৰ একাংশ লোকে বেদখল কৰি মাইখুলি ভিলেজ প্রপাৰিটী বুলি বেনাৰ আঁৰি দিয়ে৷স্থানীয় লোকে এই বিষয়ে দিছপুৰ ৰাজহ চক্র বিষয়াক অৱগত কৰে যদিও এইক্ষেত্রত আজি পর্যন্ত কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ পাটৰকুছিৰ স্থানীয় লোকে জানিবলৈ দিয়া মতে, এই পোষ্টাৰ ঁৰাৰ পিছতেই যোৱা বৃহস্পতিবাৰে মেঘালয় চৰকাৰৰ ৰাজহ বিভাগৰ বিষয়াই উক্ত ভূমিখিনি পৰিদর্শন কৰাৰ লগতে জোখ–মাপ কৰে৷ অসম–মেঘালয়ৰ সীমান্তৱর্তী পাটৰকুছি অঞ্চলত অসমৰ চৰকাৰী পুৰণা ১১৮৩ নং দাগৰ চাৰি বিঘা ভূমিতো মেঘালয়ৰ লোকে পোষ্টাৰ আঁৰি ভূমি বুলি বেদখল কৰে৷ সীমান্তৱর্তী পাটৰকুছি অঞ্চলত অসমৰ ভূমি মেঘালয়ৰ লোকে বেদখল কৰি শেহতীয়াকৈ মণিপুৰৰ কুকি সম্প্রদায়ৰ লোকক বিক্রী কৰা বুলি পাটৰকুছি অঞ্চলৰ স্থানীয় বাসিন্দাই জানিবলৈ দিছে৷ একেদৰে বশিষ্ঠৰ পিলিংকাটা, বৰপথাৰ আদি অঞ্চলতো অসমৰ ভূমি মেঘালয়ৰ লোকে বেদখল কৰি বিক্রী কৰি আহিছে৷ দীর্ঘদিনীয়া সীমা বিবাদৰ সমস্যাই দুয়োখন ৰাজ্যৰ মাজত নেতিবাচক প্রভাৱ পেলোৱাৰ লগতে অর্থনৈতিক, সামাজিক, শৈক্ষিক আদি বিভিন্ন ক্ষেত্রত সম্পর্কৰ অৱনতি ঘটায়৷ এনে পৰিপ্রেক্ষিতত মুখ্য মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই চুবুৰীয়া ৰাজ্য মেঘালয়ৰ সৈতে সুসম্পর্ক গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিছিল৷ মুখ্যমন্ত্রী ড০ শর্মাৰ ইতিবাচক দৃষ্টিভংগীৰ বাবেই দীর্ঘদিনীয়া সীমা সমস্যাৰ স্থায়ী সমাধানৰ দিশে আগবঢ়াৰ সময়তে পাটৰকুছিত মেঘালয়ৰ লোকে অসমৰ ভূমি বেদখল কৰা ঘটনাক চৰকাৰ তথা প্রশাসনে কিমান গুৰুত্বসহকাৰে লয়, সেয়া সময়তহে লক্ষণীয় হ’ব৷