নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ ফেব্ৰুৱাৰীঃ গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে হত্যাকাণ্ড৷ বর্ধিত হৈছে চাইবাৰ অপৰাধ আৰু বিত্তীয় জালিয়াতিৰ ঘটনা৷ বিগত বর্ষসমূহৰ তুলনাত মহানগৰীত চুৰি–ডকাইতিকে ধৰি বিভিন্ন অপৰাধজনিত ঘটনা সংখ্যা হ্রাস পাইছে৷ চৰকাৰী প্রতিবেদনত প্রকাশ পোৱা তথ্য অনুসৰি প্রায় ২০ লক্ষাধিক লোকে বাস কৰা গুৱাহাটী মহানগৰীত প্রতিলাখ জনসংখ্যাৰ বিপৰীতে সংঘটিত হোৱা অপৰাধৰ হাৰ ২০২০ চনত ২০.৬১ শতাংশ, ২০২১ চনত ১৭.৬২ শতাংশ, ২০২১ চনত ২০.৬৩ শতাংশ, ২০২২ চনত ১০.২২ শতাংশ, ২০২৩ চনত ৯.৩৬ শতাংশ আৰু ২০২৪ চনত ৯.৩১ শতাংশ৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ড্রাগছকে ধৰি অপৰাধজনিত ঘটনা ৰোধৰ বাবে অসম আৰক্ষীক কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ নির্দেশ দিছিল৷ মুখ্যমন্ত্রীৰ নির্দেশৰ পিছতে ড্রাগছৰ বিৰুদ্ধে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যজুৰি আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে৷ আৰক্ষীৰ অভিযানত কেইবা হাজাৰ কোটি টকাৰ ড্রাগছ জব্দ হৈছে৷ গুৱাহাটীত মহানগৰ আৰক্ষীয়ে কেইবাশ কোটি টকাৰ ড্রাগছ জব্দ কৰাৰ লগতে ২ শতাধিক ড্রাগছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ মহানগৰ আৰক্ষীৰ প্রতিবেদনত প্রকাশ পোৱা তথ্য অনুসৰি দিছপুৰ, হাতীগাঁও, নুনমাটি আদি অঞ্চলত পূর্বৰ তুলনাত বিভিন্ন অপৰাধজনিত ঘটনা হ্রাস পোৱাৰ লগতে গোচৰ পঞ্জীয়নৰ সংখ্যাও ক্রমান্বয়ে হ্রাস পাইছে৷ অৱশ্যে সামগ্রিকভাৱে গুৱাহাটী মহানগৰীত বিভিন্ন অপৰাধজনিত ঘটনাৰ সংখ্যা হ্রাস পালেও হত্যাকাণ্ডৰ ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ বিগত বর্ষৰ তুলনাত মহানগৰীত ২০২৪ বর্ষত ১৮ শতাংশ বৃদ্ধি পাইছে হত্যাৰ গোচৰ৷ একেদৰে ধর্ষণৰ গোচৰৰ সংখ্যাও ৪ শতাংশ বৃদ্ধি পাইছে৷ মন কৰিবলগীয়া গুৱাহাটী মহানগৰীত চাইবাৰ অপৰাধ আৰু বিত্তীয় জালিয়াতিৰ গোচৰৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ২০২৩ বর্ষত গুৱাহাটী মহানগৰীত ১৩১টা বিত্তীয় জালিয়াতিৰ গোচৰ পঞ্জীয়ন হৈছিল৷ ইয়াৰ বিপৰীতে ২০২৪ বর্ষত চাইবাৰ অপৰাধ আৰু বিত্তীয় জালিয়াতিৰ পঞ্জীয়ন কৰা গোচৰৰ সংখ্যা হ’ল ৮২১টা৷ মহানগৰ আৰক্ষীৰ চাইবাৰ থানা, ক্রাইম ব্রাঞ্চৰ তৎপৰতাত চাইবাৰ অপৰাধীৰ কবলৰ পৰা ২০২৪ বর্ষত ৩.৭৫ কোটি টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ ২০২৩ বর্ষত মাত্র ৫.৮ লাখ টকাহে উদ্ধাৰ কৰিছিল মহানগৰ আৰক্ষীয়ে৷