নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পল্টনবজাৰত নৱনিৰ্মিত পদসেতু মুকলি

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ জানুৱাৰীঃ পথচাৰীৰ সুৰক্ষা আৰু সুবিধাৰ বাবে আন এক সুখবৰ। আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিন। এই প্ৰথম দিনটোতেই গুৱাহাটীৰ গুৰুত্বপূৰ্ণ অতি ব্যস্ত পল্টন বজাৰ এলেকাত পথচাৰীসকলৰ চলাচল সহজ কৰাৰ হেতু এখন পদপথ সেতু ৰাইজৰ সেৱাৰ বাবে উৎসৰ্গা কৰা হয়। পদসেতুখন মুকলি কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। পদসেতুখন প্ৰায় ১৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। সেতুখনে ব্যস্ততাপূৰ্ণ পল্টন বজাৰত পথচাৰীসকলে নিৰাপদে জি এছ ৰোড পাৰ হোৱাৰ লগতে বিভিন্ন ঠাইৰ পৰা অহা যাত্ৰীসকলক ৰে’লৱে ষ্টেচন তথা এ এছ টি চি বাছ ষ্টেণ্ডলৈ অহা যোৱা সহজ কৰি তুলিব।

You might also like