মহানগৰীৰ ফ্লেটৰ পৰা তছদিকুৰক গ্রেপ্তাৰ
🔹 চাইবাৰ অপৰাধ চক্রৰ অন্যতম মূল অভিযুক্ত
🔹 আৰক্ষী বিষয়াৰ পুত্র তছদিকুৰ ডেৰ মাহ ধৰি আছিল পলাতক
ষ্টাফ ৰিপ’ৰ্টাৰ, ৩১ অক্টোবৰ : গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ পৰা আন্তঃৰাষ্ট্রীয় চাইবাৰ অপৰাধী চক্রৰ জৰিয়তে দেশ–বিদেশৰ বিভিন্ন নাগৰিকৰ ধন প্রৱঞ্চনাৰে আত্মসাৎ কৰা ম’ষ্ট ৱাণ্টেড তছদিকুৰ ৰহমানক অৱশেষত গ্রেপ্তাৰ কৰিবলৈ সক্ষম হ’ল মহানগৰ আৰক্ষী৷ আনুষ্ঠানিকভাৱে মহানগৰ আৰক্ষীয়ে বর্তমানলৈকে তছদিকুৰ ৰহমানৰ গ্রেপ্তাৰৰ বিষয়টো প্রকাশ কৰা নাই যদিও বিশেষ সূত্রৰ পৰা জানিব পৰা মতে, গান্ধীবস্তিৰ ইছলামপুৰৰ এটা ফ্লেটৰ পৰা গ্রেপ্তাৰ কৰা হৈছে ৰহমানক৷ উল্লেখ্য যে ১৪ ছেপ্টেম্বৰৰ নিশা মহানগৰ আৰক্ষী আৰু অপৰাধ শাখাই যুটীয়াভাৱে গুৱাহাটীৰ বিভিন্ন স্থানত অভিযান চলোৱাৰ সময়ত নাটকীয়ভাৱে গান্ধীবস্তিৰ শুভম এপার্টমেণ্টৰ পৰা সন্তর্পণে পলায়ন কৰিছিল তছদিকুৰ ৰহমানে৷ বিগত ডেৰ মাহ ধৰি আৰক্ষীয়ে বিভিন্ন ঠাইত অভিযান চলায়ো সন্ধান উলিয়াব পৰা নাছিল তছদিকুৰ ৰহমানৰ৷ সূত্রটোৱে সদৰী কৰা মতে, বহিঃৰাষ্ট্রত দীর্ঘদিন ধৰি আত্মগোপন কৰি আছিল তছদিকুৰ ৰহমানে৷ কিন্তু কিছুদিন পূর্বে পিতৃ বিয়োগ ঘটাত গুৱাহাটীলৈ উভতি আহিছিল তছদিকুৰ ৰহমান৷ লক্ষণীয় যে গুৱাহাটী মহানগৰীৰ পৰা আন্তঃৰাষ্ট্রীয় চাইবাৰ চক্রৰ উত্থান ঘটাত গুৰুত্বপূর্ণ ভূমিকা লৈছিল তছদিকুৰ ৰহমানে৷ চক্রটোক মহানগৰীৰ সুৰক্ষিত স্থানত কোঠা যোগাৰ কৰাৰ পৰা ধন সংগ্রহলৈকে বিভিন্ন ধৰণে সহায় কৰিছিল তছদিকুৰ ৰহমানে৷ ইতিমধ্যে আৰক্ষীৰ জালত পৰা চক্রটোৰ তিনি মূল অভিযুক্ত ক্রমে দেৱজ্যোতি দে’, ৰাজন সিদানা আৰু দিব্যম অৰোৰাই আৰক্ষীৰ জেৰাত তছদিকুৰ ৰহমানৰ সহায়ৰ কথা স্বীকাৰ কৰিছে৷