অসম গ্ৰন্থমেলাৰ বাকৰিত সুস্বাস্থ্যৰ গোপন ৰহস্য গ্ৰন্থ উন্মোচন
নিয়মীয়া বাৰ্তা ডিজিটেল, ১ জানুৱাৰীঃ খানাপাৰাস্থিত পশু চিকিৎসালয় মহাবিদ্যালয় খেলপথাৰত হৈ থকা অসম গ্ৰন্থমেলাৰ বাকৰিৰ উপেন্দ্ৰনাথ শৰ্মা সোঁৱৰণী সভাগৃহত ডাঃ দুলুমণি কলিতা আৰু ডাঃ নিতুল বৈশ্যৰ নৱতম গ্ৰন্থ “সুস্বাস্থ্যৰ গোপন ৰহস্য” উন্মোচন কৰা হয়। উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে প্ৰখ্যাত ইউৰ’লজিষ্ট ডাঃ অৰূপ কুমাৰ নাথ, নিয়মীয়া বাৰ্তাৰ উপ-সম্পাদক প্ৰদীপ গগৈ, বিশিষ্ট ব্যংগ লেখক অশোক কুমাৰ নাথ আৰু চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ স্বস্থবৃত্ত ও যোগ বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ ধীৰেন ডেকা। গ্ৰন্থখনত মূলত স্বাস্থ্যৰক্ষা আৰু ৰোগ প্ৰতিৰোধৰ আয়ুৰ্বেদিক ধাৰণাসমূহৰ ওপৰত অৱলোকন কৰা হৈছে। গ্ৰন্থখনৰ বেটুপাত ডাঃ হিতাৰ্থ কাশ্যপৰ। কিতাপখনৰ মূল্য ১৫০ টকা। উল্লেখ্য যে গ্ৰন্থখন প্ৰকাশ কৰিছে পাঞ্চজন্য প্ৰকাশনে।