নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুৰাপান কৰি বাহন চলোৱা নাই বনভোজ যাত্রীক লৈ যোৱা চালকে

📌 গুৱাহাটীত সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ ডিচেম্বৰঃ নৱবর্ষ আৰু উৎসৱৰ বতৰত সুৰাপান কৰি বাহন নচলাবলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জনোৱা আহ্বানলৈ ৰাইজে সঁহাৰি জনাইছে৷ পথ দুর্ঘটনাই এটা পৰিয়াললৈ কঢ়িয়াই অনা ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি মুখ্যমন্ত্রী ড০ শর্মাই বনভোজ দলক লৈ যোৱা বাহনৰ চালকক সুৰাপান কৰি বাহন নচলাবলৈ আহ্বান জনোৱাৰ লগতে পথ সুৰক্ষাৰ বাবে কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ পৰিবহণ বিভাগক নির্দেশ দিছিল৷ মুখ্যমন্ত্রীৰ নির্দেশৰ পিছতে যোৱা ১৩ ডিচেম্বৰৰ পৰা মহানগৰ জিলা পৰিবহণ বিভাগে মহানগৰীৰ বিভিন্ন স্থানত পৃথকে পৃথকে বিশেষ অভিযান চলাই আহিছে৷ বিশেষকৈ বনভোজলৈ যোৱাৰ পথত বাহনৰ চালকক ড্রিংক এণ্ড ড্রাইভৰ পৰীক্ষা কৰিছে পৰিবহণ বিভাগ আৰু আৰক্ষীয়ে৷ বিগত ১৩টা দিনত পৰিবহণ বিভাগে বনভোজলৈ যোৱা প্রায় ২০০০গৰাকী চালকক পৰীক্ষা কৰাত এগৰাকীও চালকে সুৰাপান কৰি বাহন চলোৱা নাই৷ পৰিবহণ বিভাগৰ অভিযানত এই তথ্য পোহৰলৈ আহিছে৷ মহানগৰ জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসে জানিবলৈ দিয়া মতে, মুখ্যমন্ত্রীৰ আহ্বানৰ প্রতি সঁহাৰি জনাই পৰিবহণ বিভাগ আৰু আৰক্ষীয়ে ২৪ ঘণ্টাই দুর্ঘটনা প্রতিৰোধৰ বাবে বিশেষ অভিযান চলাই আহিছে৷ চৰকাৰে জাৰি কৰা এছ’পি পৰিবহণ সংস্থাসমূহৰ সৈতে আলোচনাত মিলিত হৈ প্রতিজন চালককে এছ’পিৰ কপি প্রদান কৰা হৈছে৷ মহানগৰ জিলা পৰিবহণ বিভাগে দূৰণিবতীয়া বাছসমূহৰ লগতে মহানগৰীত চলাচল কৰা চিটীবাছৰ লগতে অন্যান্য বাহনৰ চালকসকলৰ মাজতো পথ সুৰক্ষাৰ সজাগতামূলক অভিযান অব্যাহত ৰাখিছে৷ পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসে উৎসৱৰ বতৰত পথ দুর্ঘটনা ৰোধ তথা নৱবর্ষত যাতে কোনো পৰিয়ালে দুঃসংবাদ লাভ কৰিবলগীয়া নহয়, তাৰ প্রতি লক্ষ্য ৰাখি এই বিশেষ অভিযান ১৫ জানুৱাৰীলৈকে চলিব বুলি জানিবলৈ দিছে৷ তেওঁ লগতে পথ সুৰক্ষাৰ সকলো বিধি–বিধান মানি চলি বাহন চলাবলৈ ৰাইজক আহ্বান জনাইছে৷

You might also like