নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাচলি বিক্রেতা-উবেৰ চালকৰ বেশত ডকাইতৰ দল

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ নৱেম্বৰঃ গুৱাহাটী মহানগৰ আৰক্ষীয়ে লাভ কৰিছে ৫০জনীয়া ডকাইতৰ দলৰ তালিকা৷ শেহতীয়াকৈ লতাশিল আৰক্ষীৰ জালত পৰা ৭ দুর্ধর্ষ ডকাইতৰ স্বীকাৰোক্তিত এই তালিকাখন প্রস্তুত কৰি উলিয়াইছে৷ শাক–পাচলিৰ ব্যৱসায়ী, উবেৰ চালকৰ ৰূপত গুৱাহাটীত বাহৰ পাতি ডকাইতৰ দলটোৱে মহানগৰীৰ বিভিন্ন স্থানত ডকাইতি কাণ্ড সংঘটিত কৰি আহিছে৷ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই এই কথা সদৰী কৰে৷ দৰং, দলগাঁও, বৰপেটা আদিকে ধৰি বিভিন্ন স্থানৰ পৰা অহা ডকাইতৰ গেংটোৱে বাহৰ পাতি চলিত বর্ষত মহানগৰীত ১৫টাৰো অধিক ডকাইতি কাণ্ড সংঘটিত কৰিছিল৷ এই ডকাইতৰ গেংটোৰ সদস্যসকলৰ বিৰুদ্ধে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত হত্যা, লুটপাত আৰু ডকাইতিৰ গোচৰ ৰুজু হৈ আছে৷ শেহতীয়াকৈ লতাশিল আৰক্ষীৰ জালত পৰা সাতজনীয়া ডকাইতৰ গেংটোৱে গুৱাহাটীৰ উপৰি বহিঃৰাজ্য কেৰালা, তামিলনাডু, দিল্লী, পশ্চিমবংগ, জলপাইগুৰিকে ধৰি বিভিন্ন স্থানত ডকাইতি কৰাৰ কথা স্বীকাৰ কৰিছে৷ গুৱাহাটীৰ ক’ত কেনেকৈ ডকাইতি কৰিব তাৰ পৰিকল্পনা কৰে আবুবক্কৰ ছিদ্দিকী, লোকমান আলী আৰু ছাদেক আলীয়ে৷ উবেৰ চালক জয়নাল আবেদিনে গুৱাহাটীলৈ সদস্যসকলক মতাৰ পিছতে ডকাইতৰ দলটোৱে ছাইদুল ৰহমানৰ শাক–পাচলি কঢ়িওৱা বলেৰ’ পিকআপ ভানত দলগাঁও, বেছিমাৰী আৰু বৰপেটাৰ পৰা নিশা ৯–১০ বজাৰ ভিতৰত গুৱাহাটীত উপস্থিত হয়৷ ইয়াৰ পিছতে উবেৰ চালক জয়নাল আবেদিনে গাড়ীত অস্ত্র–শস্ত্র লৈ লক্ষ্যস্থানত উপস্থিত হয়৷ আৰক্ষীৰ জেৰাত ধৃত সাত দুর্ধর্ষ ডকাইতে দিয়া স্বাকাৰোক্তিৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে গেংটোৰ সদস্যসকলক ধৰিবলৈ গুৱাহাটীকে ধৰি বৰপেটা, দৰং, বেছিমাৰী, দলগাঁৱত অভিযান অব্যাহত ৰাখিছে৷ উল্লেখ্য যে মহানগৰীত শেহতীয়াকৈ বহিঃৰাজ্যৰ ডকাইতে বাহৰ পাতি অট্টালিকা অট্টালিকাই লুণ্ঠন চলোৱাৰ ব্লুপ্রিণ্ট ৰচনা কৰিছে৷ তদুপৰি ৰাজপথত বাইকত অহা ডকাইতে মহিলাক আগভেটি ধৰি সোণৰ চেইন, টকাৰ বেগ লুট কৰা ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা মহানগৰীত নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াত একপ্রকাৰ মহানগৰ আৰক্ষী ব্যর্থ হৈছে৷ গুৱাহাটী মহানগৰীত সঘনাই সংঘটিত চুৰি–ডকাইতিৰ ঘটনাই মহানগৰবাসীৰ নিদ্রাহৰণ কৰিছে৷

You might also like