নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ ডিচেম্বৰঃ গুৱাহাটীৰ লাষ্টগেটত দিনদুপৰতে যুৱতীক ছুৰীৰে হানি-খুঁচি হত্যা। প্ৰেম প্ৰত্যাখ্যানৰ বাবেই সংঘটিত হয় এই ঘটনা। ডিব্ৰুগড়ৰ যুৱতী মৌচুমী গগৈক প্ৰেম প্ৰত্যাখ্য়ানৰ বাবেই ভূপেন দাস নামৰ এগৰাকী যুৱকে ছুৰী হানিখুচি হত্যা কৰে। ঘটনাটো সংঘটিত হয় মহানগৰীৰ মাজমজিয়া লাষ্টগেটত। ৰেপিডো বাহনৰ বাবে ৰৈ থকা অৱস্থাত হত্যাকাৰী ভূপেন দাসৰ অতৰ্কিত ছুৰিকাঘাতত তেজেৰে তুমৰলি হোৱা মৌচুমীক জিএমচিএইচলৈ নিয়া হয় যদিও চিকিসা কৰিবলৈ নৌপাওঁতেই মৌচুমীৰ মৃত্যু হয়। ঘটনা সন্দৰ্ভত জনা মতে মৃত যুৱতীগৰাকীয়ে হত্যাকাৰী যুৱকজনৰ বিৰুদ্ধে থানাত এজাহাৰো দাখিল কৰি থৈছিল আৰু আজি এই ঘটনা সংঘটিত কৰে। শেহতীয়া খবৰ অনুসৰি হত্যাকাৰী যুৱকজনে নিজেও আত্মহত্য়াৰ দৰে পথ লবলৈ গৈ বৰ্তমান হাস্পতালত ভৰ্তি হৈছে। উল্লেখ্য জিএমচিএইচত মৃত্যু হোৱা যুৱতী মৌচুমীৰ ঘৰ ডিব্ৰুগড়ত।