নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ মাৰ্চঃ জালুকবাৰীত পথৰ দাঁতিত পুনৰ আৰম্ভ হৈছে অবৈধ ব্যৱসায়৷ জালুকবাৰী ৰটাৰী পইণ্টৰ দুয়োদিশকে ধৰি উত্তৰ জালুকবাৰী মছজিদৰ কাষলৈ ভৰি পৰিছে দোকান–পোহাৰ৷ উল্লেখ্য যে প্রশাসনে জালুকবাৰী এলেকাটোক ন’ ভেণ্ডিং জ’ন ঘোষণা কৰি জালুকবাৰীত পথৰ দাঁতিত দোকান–পোহাৰ দিয়া বন্ধ কৰিছিল৷ প্রশাসনৰ নিষেধাজ্ঞাৰ ফলত প্রায় দুমাহ ধৰি জালুকবাৰীত পথৰ দাঁতি, উৰণ সেতুৰ ওপৰত থকা পাণ–তামোল, চাহ, মাছ, ফল–মূল আদিকে ধৰি বিভিন্ন দোকান–পোহাৰ বন্ধ হৈ পৰিছিল৷ ইয়াৰ ফলত উত্তৰ–পূবৰ দুৱাৰমুখস্বৰূপ জালুকবাৰীৰ সৌন্দর্য বৃদ্ধি পোৱাৰ লগতে যান–জঁট নোহোৱা হৈ পৰিছিল৷ অভিযোগ অনুসৰি, কিছুদিনৰ পৰা এটা চক্রই জালুকবাৰী আৰক্ষী আৰু পৌৰ নিগমৰ একাংশক মেনেজ কৰি জালুকবাৰীৰ পদপথৰ দুয়ো দাঁতিত আৰম্ভ কৰিছে অবৈধ ব্যবসায়৷ ফলত পুনৰ সৃষ্টি হৈছে বিশৃংখল পৰিৱেশৰ৷ আৰম্ভ হৈছে তীব্র যান–জঁট৷ যাৰ বাবে সচেতন নাগৰিকসকলে প্রশাসনৰ নিষেধাজ্ঞা উলংঘা কৰি আৰম্ভ কৰা অবৈধ ব্যবসায় বন্ধ কৰি জালুকবাৰীৰ সৌন্দর্য ঘূৰাই আনিবলৈ দাবী জনায়৷