গুৱাহাটী মহানগৰীত ৯ মাহত ২,৩০৯ চুৰি-ডকাইতিৰ ঘটনা
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ নৱেম্বৰঃ গুৱাহাটী মহানগৰীত ধাৰাবাহিকভাৱে সংঘটিত হৈ আহিছে বিভিন্ন অপৰাধমূলক কার্যকলাপ৷ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকা গুৱাহাটী মহানগৰীত আৰক্ষীক অংগুষ্ঠ প্রদশন কৰি দুর্বৃত্তই অপৰাধমূলক ঘটনা সংঘটিত কৰি আহিছে৷ বিগত বর্ষসমূহৰ তুলনাত গুৱাহাটী মহানগৰীত চুৰি–ডকাইতিৰ ঘটনা হ্রাস পালেও অপৰাধমূলক কার্যকলাপ ৰোধ কৰাত ব্যর্থ হৈছে মহানগৰ আৰক্ষী৷ প্রায় ২০ লক্ষাধিক লোকে বসবাস কৰা গুৱাহাটী মহানগৰীত আইন শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্রণৰ বাবে তিনিখন আৰক্ষী জিলা আছে৷ এই আৰক্ষী জিলাকেইখনৰ অধীনত থকা থানা এলেকাত চলিত বর্ষত সংঘটিত হোৱা চুৰি–ডকাইতিৰ ঘটনা সর্বমুঠ ২,৩০৯টা৷ মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই প্রকাশ কৰা তথ্য অনুসৰি চলিত বর্ষত মধ্য আৰক্ষী জিলাত জানুৱাৰী মাহত ২৪টা, পশ্চিম আৰক্ষী জিলাত ১২টা আৰু পূব আৰক্ষী জিলাত ৩০টা ডকাইতিৰ ঘটনা সংঘটিত হৈছিল৷ একেদৰে মধ্য আৰক্ষী জিলাত ৫৯টা চুৰিৰ ঘটনা৷ পশ্চিম আৰক্ষী জিলাত ৫৩টা আৰু পূব আৰক্ষী জিলাত ৫৮টা চুৰিৰ ঘটনা সংঘটিত হৈছিল৷ ফেব্রুৱাৰী মাহত মধ্য আৰক্ষী জিলাত ২৬টা, পশ্চিম আৰক্ষী জিলাত ১৬টা আৰু পূব আৰক্ষী জিলাত ১৬টা ডকাইতিৰ ঘটনা সংঘটিত হৈছিল৷ একেদৰে মধ্য আৰক্ষী জিলাত ৪৯টা চুৰিৰ ঘটনা৷ পশ্চিম আৰক্ষী জিলাত ৪৫টা আৰু পূব আৰক্ষী জিলাত ৪৩টা চুৰিৰ ঘটনা সংঘটিত হৈছিল৷ মার্চ মাহত মধ্য আৰক্ষী জিলাত ১৩টা, পশ্চিম আৰক্ষী জিলাত ১৮টা আৰু পূব আৰক্ষী জিলাত ১২টা ডকাইতিৰ ঘটনা সংঘটিত হৈছিল৷ একেদৰে মধ্য আৰক্ষী জিলাত ৫৫টা চুৰিৰ ঘটনা, পশ্চিম আৰক্ষী জিলাত ৪৩টা আৰু পূব আৰক্ষী জিলাত ৬৬টা চুৰিৰ ঘটনা সংঘটিত হৈছিল৷ এপ্রিল মাহত মধ্য আৰক্ষী জিলাত ২১টা, পশ্চিম আৰক্ষী জিলাত ২১টা আৰু পূব আৰক্ষী জিলাত ২২টা ডকাইতিৰ ঘটনা সংঘটিত হৈছিল৷ একেদৰে মধ্য আৰক্ষী জিলাত ৫০টা চুৰিৰ ঘটনা, পশ্চিম আৰক্ষী জিলাত ৩৯টা আৰু পূব আৰক্ষী জিলাত ৮৪টা চুৰিৰ ঘটনা সংঘটিত হৈছিল৷ মে’ মাহত মধ্য আৰক্ষী জিলাত ১৬টা, পশ্চিম আৰক্ষী জিলাত ২০টা আৰু পূব আৰক্ষী জিলাত ২৮টা ডকাইতিৰ ঘটনা সংঘটিত হৈছিল৷ একেদৰে মধ্য আৰক্ষী জিলাত ৪৩টা চুৰিৰ ঘটনা, পশ্চিম আৰক্ষী জিলাত ৩৬টা আৰু পূব আৰক্ষী জিলাত ৯৬টা চুৰিৰ ঘটনা সংঘটিত হৈছিল৷ জুন মাহত মধ্য আৰক্ষী জিলাত ১২টা, পশ্চিম আৰক্ষী জিলাত ১২টা আৰু পূব আৰক্ষী জিলাত ৩২টা ডকাইতিৰ ঘটনা সংঘটিত হৈছিল৷ একেদৰে মধ্য আৰক্ষী জিলাত ৪৭টা চুৰিৰ ঘটনা, পশ্চিম আৰক্ষী জিলাত ৩৬টা আৰু পূব আৰক্ষী জিলাত ৮৯টা চুৰিৰ ঘটনা সংঘটিত হৈছিল৷ জুলাই মাহত মধ্য আৰক্ষী জিলাত ১৪টা, পশ্চিম আৰক্ষী জিলাত ৮টা আৰু পূব আৰক্ষী জিলাত ২০টা ডকাইতিৰ ঘটনা সংঘটিত হৈছিল৷ একেদৰে মধ্য আৰক্ষী জিলাত ৬৯টা চুৰিৰ ঘটনা, পশ্চিম আৰক্ষী জিলাত ৩৩টা আৰু পূব আৰক্ষী জিলাত ৭৮টা চুৰিৰ ঘটনা সংঘটিত হৈছিল৷ আগষ্ট মাহত মধ্য আৰক্ষী জিলাত ৬টা, পশ্চিম আৰক্ষী জিলাত ১০টা আৰু পূব আৰক্ষী জিলাত ১৫টা ডকাইতিৰ ঘটনা সংঘটিত হৈছিল৷ একেদৰে মধ্য আৰক্ষী জিলাত ৫৬টা চুৰিৰ ঘটনা, পশ্চিম আৰক্ষী জিলাত ৪৪টা আৰু পূব আৰক্ষী জিলাত ৭৮টা চুৰিৰ ঘটনা সংঘটিত হৈছিল৷ ছেপ্ঢেম্বৰ মাহত মধ্য আৰক্ষী জিলাত ১২টা, পশ্চিম আৰক্ষী জিলাত ১৯টা আৰু পূব আৰক্ষী জিলাত ৫৫টা ডকাইতিৰ ঘটনা সংঘটিত হৈছিল৷ একেদৰে মধ্য আৰক্ষী জিলাত ৭১টা চুৰিৰ ঘটনা, পশ্চিম আৰক্ষী জিলাত ৪৫টা আৰু পূব আৰক্ষী জিলাত ৭১টা চুৰিৰ ঘটনা সংঘটিত হৈছিল৷ অক্টোবৰ মাহত মধ্য আৰক্ষী জিলাত ১১টা, পশ্চিম আৰক্ষী জিলাত ১৮টা আৰু পূব আৰক্ষী জিলাত ৩২টা ডকাইতিৰ ঘটনা সংঘটিত হৈছিল৷ একেদৰে মধ্য আৰক্ষী জিলাত ৭৭টা চুৰিৰ ঘটনা, পশ্চিম আৰক্ষী জিলাত ৩৬টা আৰু পূব আৰক্ষী জিলাত ৯৩টা চুৰিৰ ঘটনা সংঘটিত হৈছিল৷ গুৱাহাটীৰ তিনিখন আৰক্ষী জিলাত সংঘটিত হোৱা চুৰি–ডকাইতিৰ ঘটনা সন্দর্ভত সর্বমুঠ ২৩০৯টা গোচৰ ৰুজু হৈছে৷ লক্ষণীয় যে গুৱাহাটী মহানগৰীত ২০২১ বর্ষত ৪,৪৯২টা, ২০২২ বর্ষত ২,৮৩২টা, ২০২৩ বর্ষত ২,৭৪৫টা চুৰিৰ গোচৰ ৰুজু হৈছিল৷ ২০২১ বর্ষত ১,৯২০টা, ২০২২ বর্ষত ৮১৩টা, ২০২৩ বর্ষত ১,০০৭টা ডকাইতিৰ গোচৰ ৰুজু হৈছিল৷ বিগত বর্ষসমূহৰ তুলনাত গুৱাহাটী মহানগৰীত চুৰি–ডকাইতিৰ গোচৰৰ সংখ্যা হ্রাস পালেও অপৰাধমূলক কার্যকলাপ ৰোধত ব্যর্থ আৰক্ষী৷