নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাউন টাউনৰ পৰা ছয়মাইললৈ যান-বাহন চলাচলত পথৰ সালসলনি

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ মাৰ্চঃ মহানগৰীৰ জিএছ ৰোডৰ ৰুক্মিণীগাঁৱত চলি থকা উৰণ সেতুৰ নির্মাণকার্যৰ বাবে সুৰক্ষিত যাতায়াতৰ প্রতি লক্ষ্য ৰাখি ডাউনৰ পৰা ছয়মাইললৈ বাহন চলাচলৰ ক্ষেত্রত পথ নির্দেশনা জাৰি কৰিছে মহানগৰ আৰক্ষীৰ যান–বাহন শাখাৰ ডিচিপিয়ে৷ জিএছ ৰোডৰ ডাউন টাউন হাস্পতালৰ সমীপত নির্মীয়মাণ উৰণ সেতুৰ ষ্টীল গার্ডাৰ মুকলি আৰু স্থাপনৰ বাবে আজিৰ পৰা কাম সম্পূর্ণ নোহোৱাপর্যন্ত নিশা ১১.৩০ বজাৰ পৰা পুৱা ৪.৩০ বজালৈ এই নির্দেশনা বাহাল থাকিব৷ সুৰক্ষিত যাতায়াতৰ স্বার্থত এই নির্দেশনা মানি চলিবলৈ ৰাইজক আহ্বান জনাইছে আৰক্ষীয়ে৷ নির্দেশনাটোত উল্লেখ কৰা অনুসৰি–

ছয়মাইল উৰণ সেতু আৰু ডাউন টাউনৰ মাজত জিএছ ৰোডৰ দুয়োদিশে আজি নিশা ১১.৩০ বজাৰ পৰা পুৱা ৪.৩০ বজালৈ সকলো যান–বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে৷

খানাপাৰা দিশৰ পৰা ভিআইপি ৰোড, পাঞ্জাবাৰী ৰোড, জয়ানগৰ ৰোড অভিমুখে অহা সকলো বাহন ছয়মাইল উৰণ সেতুৰ ছার্ভিচ ৰোডেৰে চলাচল কৰিব পাৰিব৷

খানাপাৰা দিশৰ পৰা দিছপুৰ অভিমুখে অহা যান–বাহনসমূহ ছয়মাইল উৰণ সেতুৰ ছার্ভিচ লেন হৈ জয়ানগৰ পথ বেলতলা বজাৰ হৈ লাষ্টগেটেৰে চলাচল কৰিব পাৰিব৷

পাঞ্জাবাৰী দিশৰ পৰা দিছপুৰ অভিমুখে অহা বাহনসমূহ জয়ানগৰ পথ বেলতলা বজাৰ হৈ লাষ্টগেটেৰে চলাচল কৰিব পাৰিব৷

চচল আনন্দনগৰ দিশৰ পৰা দিছপুৰ অভিমুখে অহা বাহনসমূহো জয়ানগৰ পথ বেলতলা বজাৰ হৈ লাষ্টগেটেৰে চলাচল কৰিব পাৰিব৷

দিছপুৰ অভিমুখে ৰুক্মিণীগাঁও, ৰুক্মিণীনগৰ অঞ্চলৰ পৰা অহা সকলো বাহন বেলতলা ছার্ভে ৰোড অথবা জিএনআৰচি দিছপুৰ পথেৰে চলাচল কৰিব পাৰিব৷

জয়ানগৰ ফালৰ পৰা দিছপুৰ দিশে অহা বাহনসমূহ বেলতলা বজাৰ, বেলতলা ছার্ভে পথেৰে চলাচল কৰিব পাৰিব৷

গণেশগুৰিৰ পৰা খানাপাৰাৰ অভিমুখে চলাচল কৰা বাহনসমূহ ছুপাৰ মার্কেট উৰণ সেতুৰ পইণ্টত লাষ্টগেট দিশেৰে বেলতলা বশিষ্ঠ পথেৰে চলাচল কৰিব পাৰিব৷

গণেশগুৰিৰ দিশৰ পৰা ডাউন টাউন, ছয়মাইল অভিমুখে অহা সকলো বাহন ছুপাৰ মার্কেট উৰণ সেতুৰ ছার্ভিচ ৰোডেৰে ডাউন টাউন বাইলেন, দ্বাৰকা পথ আৰু আনন্দ নগৰ পথেৰে চলাচল কৰিব পাৰিব৷

লাষ্টগেটৰ পৰা ডাউন টাউন অভিমুখে অহা বাহনসমূহেও ছুপাৰ মার্কেট উৰণ সেতুৰ ছার্ভিচ ৰোড আৰু ডাউন টাউন বাইলেন হৈ চলাচল কৰিব পাৰিব৷

পূর্বাঞ্চল পথ, ছানভেলী বাইলেন, ডাউন টাউন বাইলেনৰ পৰা কোনো যান–বাহন জিএছ ৰোডত প্রৱেশ কৰিব নোৱাৰিব৷ উক্ত অঞ্চলত চলাচল কৰা বাহনসমূহে দ্বাৰকা পথ, আনন্দ নগৰ পথেৰে ছয়মাইল, হেঙেৰাবাৰী আৰু শ্বহীদ দিলীপ হুজুৰি পথেৰে দিছপুৰ দিশেৰে চলাচল কৰিব পাৰিব৷

টঙৰা সত্র পথ, লক্ষ্মী মন্দিৰ পথ, ৰুক্মিণীগাঁও বাইলেনৰ পৰা কোনো যান–বাহন জিএছ ৰোডত প্রৱেশ কৰিব নোৱাৰিব৷ উক্ত পথত চলাচল কৰা বাহনসমূহ বেলতলা ছার্ভে পথ অথবা জিএনআৰচি দিছপুৰ পথেৰে চলাচল কৰিব পাৰিব৷

ডাউন টাউন অঞ্চলৰ পৰা খানাপাৰা অভিমুখে অহা সকলো যান–বাহন চচল আনন্দ নগৰ হৈ ভিআইপি ৰোডেৰে খানাপাৰালৈ চলাচল কৰিব পাৰিব৷

ডাউন টাউন অঞ্চলৰ পৰা দিছপুৰ অভিমুখে অহা সকলো যান–বাহন হেঙেৰাবাৰী পথ আৰু দিলীপ হুজুৰী পথেৰে চলাচল কৰিব পাৰিব৷

You might also like