নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ নৱেম্বৰঃ দিছপুৰ ৰাজহ চক্র বিষয়া কার্যালয়ত চলিছে একাংশ ঘোচখোৰ মণ্ডল–কর্মচাৰীৰ মইমতালি৷ সাধাৰণ এটা কামৰ বাবে বহু লোকে দিছপুৰ চক্র বিষয়া কার্যালয়লৈ বছৰৰ পিছত বছৰ ধৰি অহা–যোৱা কৰিবলগীয়া হৈ আহিছে৷ বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৰাইজৰ সুবিধাৰ বাবে ভূমিৰ নামজাৰি, ভাগ– বাটোৱাৰা আদিৰ কাম অনলাইন পদ্ধতিৰ জৰিয়তে কৰাৰ ব্যৱস্থা কৰিছে৷ ৰাজহ চক্র বিষয়া কার্যালয়ৰ কাম–কাজ স্বচ্ছ আৰু নিকা কৰাৰ লক্ষ্যৰে চৰকাৰে লোৱা পদক্ষেপক অংগুষ্ঠ প্রদর্শন কৰি একাংশ ঘোচখোৰ মণ্ডল–কর্মচাৰীয়ে সমগ্র ব্যৱস্থাটোকে অসাৰ প্রতিপন্ন কৰাৰ চেষ্টা চলাই অহাৰ অভিযোগ উত্থাপন হৈছে৷ অভিযোগ অনুসৰি, দিছপুৰ চক্র বিষয়া কার্যালয়ত ঘোচখোৰ মণ্ডল আৰু কর্মচাৰীয়ে ভূমিৰ নামজাৰি আৰু ভাগ–বাটোৱাৰাৰ কামৰ নামত ধনদাবী কৰি আহিছে৷ দাবী কৰা ধন আদায় নিদিলে বছৰৰ পিছত বছৰ ধৰি কার্যালয়তে ফাইল পেলাই থয় এইসকল অসাধু মণ্ডল–কর্মচাৰীয়ে৷ ইয়াৰ উপৰি ধন আদায় নিদিয়া লোকৰ ভাগ–বাটোৱাৰা আৰু নামজাৰিৰ মণ্ডলে দিবলগীয়া তথ্য বিভিন্ন অজুহাত দেখুৱাই পিছুৱাই থাকে বুলি ভুক্তভোগীয়ে অভিযোগ কৰিছে৷ ভুক্তভোগীৰ অভিযোগ অনুসৰি, ভূমিৰ নামজাৰিৰ নামত দিছপুৰ চক্র বিষয়া কার্যালয়ৰ মণ্ডলে সহায়কাৰীৰ জৰিয়তে ২ লাখ টকা দাবী কৰিছিল৷ দাবী কৰা ধন আদায় নিদিয়াৰ বাবে প্রায় এবছৰ ধৰি নামজাৰিৰ ফাইল পেলাই থোৱাৰ লগতে মণ্ডলে ভুল তথ্য দি নামজাৰি বাতিল কৰে৷ এই বিষয়ে ভুক্তভোগী লোকজনে ঊর্ধ্বতন বিষয়াক অৱগত কৰাত কার্যালয়টোত কর্মৰত মণ্ডল–কর্মচাৰী আৰু চক্র বিষয়াৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ আয়ুক্তৰ ধমক খাই চক্র বিষয়াই মণ্ডলক উক্ত কামটো শীঘ্রে কৰি দিবলৈ নির্দেশ দিয়ে৷ এয়া মাত্র এটা উদাহৰণহে৷ এনেদৰে দিছপুৰ চক্র বিষয়া কার্যালয়লৈ বিভিন্ন কামৰ বাবে যোৱা লোকে বছৰৰ পিছত বছৰ ধৰি অহা–যোৱা কৰিবলগীয়া হৈ আহিছে৷ দুর্নীতিৰ অভিযোগত দিছপুৰ চক্র বিষয়া কার্যালয়ৰ কেইবাগৰাকীও মণ্ডল–কর্মচাৰী বর্খাস্ত হোৱাৰ লগতে গ্রেপ্তাৰো হৈছিল৷ ভুক্তভোগীৰ অভিযোগ অনুসৰি, চক্র বিষয়া কার্যালয়ত কর্মৰত মণ্ডল পূর্ণ মহন্ত, নিলোৎপল দত্তই কার্যালয়টোত মণ্ডলৰ সহায়ক হিচাপে কর্মৰত মণ্টু নামৰ এগৰাকী কর্মচাৰীৰ জৰিয়তে ভূমিৰ নামজাৰি, ভাগ–বাটোৱাৰা আদি কামৰ নামত ধন সংগ্রহ কৰি আহিছে৷ মুখ্যমন্ত্রীৰ দুর্নীতিমুক্ত অসমৰ সপোনত হেঙাৰ হিচাপে থিয় দিয়া এইসকল দুর্নীতিগ্রস্ত মণ্ডল–কর্মচাৰীৰ বিৰুদ্ধে বিভাগীয় কর্তৃপক্ষই কি পদক্ষেপ গ্রহণ কৰে সেয়া লক্ষ্যণীয় হ’ব৷