নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত শামুকীয়া গতিত চলিছে নলা-নর্দমা-পথৰ নির্মাণ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ ডিচেম্বৰঃ গুৱাহাটী মহানগৰীত শামুকীয়া গতিত চলিছে নলা–নর্দমা–পথৰ নির্মাণকার্য৷ গুৱাহাটী পৌৰ নিগমে কৃত্রিম বানৰ পৰা মহানাগৰিকক সকাহ দিয়াৰ লক্ষ্যৰে মহানগৰীৰ বিভিন্ন স্থানত নতুনকৈ নলা নির্মাণৰ কাম আৰম্ভ কৰাৰ উপৰি বিভিন্ন স্থানত পথ–উপপথ মেৰামতিৰ কাম আৰম্ভ কৰিছে৷ কিন্তু জিএমচিয়ে আৰম্ভ কৰা নলা–নর্দমা–পথৰ নির্মাণ কার্য নির্দিষ্ট সময়ৰ ভিতৰত সম্পন্ন কৰিব পৰা নাই কামৰ দায়িত্ব লাভ কৰা একাংশ ঠিকাদাৰে৷ নির্মাণৰ নামত পথৰ দাঁতিত গাঁত খান্দি থোৱাৰ লগতে শিল–বালি আৰু নির্মাণকার্যৰ পৰিত্যক্ত সামগ্রী নমাই থোৱাত ৰাজপথ কদর্য হৈ পৰিছে৷ আনহাতে পথৰ দাঁতিত নমাই থোৱা শিল–বালিৰ বাবে নাগৰিকে গুৱাহাটীৰ ৰাজপথত যাতায়াতৰ ক্ষেত্রত চৰম দুর্ভোগ ভুগিবলগীয়া হৈছে৷ বোকা–পানীৰে ভৰি পৰা কদর্য পথেৰে সর্বসাধাৰণ নাগৰিকে যাতায়াত কৰিবলগীয়া হৈছে যদিও এইক্ষেত্রত জিএমচিয়ে নীৰৱ দর্শকৰ ভূমিকা পালন কৰাত মহানগৰবাসী ক্ষুব্ধ হৈ পৰিছে৷ ঘাইকৈ মহানগৰীৰ হূৎপিণ্ডস্বৰূপ পানবজাৰৰ এছ চি গোস্বামী পথত বিগত প্রায় এবছৰ ধৰি নির্মাণকার্য চলি আছে যদিও দীর্ঘদিনৰ পিছতো জিএমচিয়ে নির্মাণৰ কাম সম্পূর্ণ কৰিব পৰা নাই৷ ফলত সনাতন ধর্মসভা (হৰিসভা)কে ধৰি লাখটকীয়া, ফাঁচীবজাৰ–পানবজা অহাযোৱা কৰা লোকসকল বিশেষ অসুবিধাৰ সন্মুখীন হৈছে৷ তদুপৰি মহানগৰীৰ গণেশগুৰিৰ পৰা জিএমচিএইচ সংযোগী কছাৰীবস্তিৰ উপপথ দীর্ঘদিনে নির্মাণ কার্য চলি আছে যদিও আজিকোপতি নির্মাণৰ কাম সম্পূর্ণ কৰিব পৰা নাই৷ ফলত বোকা–পানী গছকি পথচাৰীয়ে যাতায়াত কৰিবলগীয়া হৈছে৷ আনহাতে কদর্য পথছোৱাত সঘনাই যানজঁট সৃষ্টি হোৱাৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা ধৰি পথত যাত্রীসকল আবদ্ধ হৈ থাকিবলগীয়া হৈছে৷ তদুপৰি মহানগৰীৰ উজানবজাৰ, চেনিকুঠি, চানমাৰি, হাতীগাঁও, সিজুবাৰী, পাঞ্জাবাৰী, বৰবাৰী, পাথৰকুঁৱেৰী, নাৰেংগী, সাতগাঁও কাহিলীপাৰা, জটিয়া, লালগণেশ, ফটাশিল আমবাৰীকে ধৰি মহানগৰীৰ বিভিন্ন স্থানত আৰম্ভ কৰা নলা–নর্দমা তথা পথ–উপ–পথৰ নির্মাণকার্য নির্দিষ্ট সময়ত সম্পূর্ণ কৰিব নোৱাৰাত নাগৰিকে ৰাজপথত যাতায়তৰ ক্ষেত্রত চৰম দুর্দশাৰ সন্মুখীন হৈছে৷

You might also like