নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্যহস্তীৰ উপদ্রৱত ত্রস্তমান সাতগাঁও-পাঞ্জাবাৰীবাসী

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ জানুৱাৰীঃ আমচাং অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহিছে জাকে জাকে বনৰীয়া হাতী৷ বনাঞ্চল ধ্বংসৰ পৰিণতিত খাদ্যৰ সংকটত পৰি বন্যহস্তী জনাঞ্চললৈ ওলাই আহি আমচাং অভয়াৰণ্যৰ চৌপাশে থকা অঞ্চলত মুক্ত বিচৰণ কৰাৰ লগতে বনৰীয়া হাতীয়ে অভয়াৰণ্যৰ চৌপাশে থকা লোকৰ বিস্তৰ ক্ষতিসাধন কৰা পৰিলক্ষিত হৈছে৷ বিশেষকৈ মহানগৰীৰ খামৰাঙা বিল, নাৰেংগী, সাতগাঁও আৰু পাঞ্জাবাৰী অঞ্চলত প্রায়ে আমচাং অভয়াৰণ্যৰ পৰা ওলাই আহিছে বনৰীয়া হাতী৷ বনৰীয়া হাতীৰ আক্রমণত ইতিপূর্বে কেইবাজনো লোকে অকাল মৃত্যুক সাবটি লোৱাৰ লগতে বহু লোকৰ ঘৰ–দুৱাৰৰ বন্যহস্তীয়ে বিস্তৰ ক্ষতিসাধন কৰাৰ পিছতো বন বিভাগে বনৰীয়া হাতীৰ উপদ্রৱ ৰোধ কৰাৰ বাবে বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ শীতৰ প্রকোপ বৃদ্ধি পোৱাৰ লগে লগে আমচাং অভয়াৰণ্যৰ পৰা নাৰেংগী সেনা ছাউনীৰ ভগ্ণ দেৱাল পাৰ হৈ সাতগাঁও আৰু পাঞ্জাবাৰী অঞ্চলত প্রায়ে প্রৱেশ কৰে বনৰীয়া হাতীয়ে৷ আমচাঙৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীয়ে ইতিমধ্যে সাতগাঁও বজাৰত কেইবাখনো দোকান লণ্ডভণ্ড কৰাৰ লগতে বাঘৰবৰী অঞ্চলৰ কেইবাটাও পকী ঘৰৰ বিস্তৰ ক্ষতিসাধন কৰে৷ অৱশ্যে স্থানীয় লোকৰ তৎপৰতাৰ বাবে খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়ে কোনো বিশেষ অঘটন ঘটাব পৰা নাই৷ বনৰীয়া হাতীৰ উপদ্রৱ ৰোধ কৰাৰ বাবে স্থানীয় লোকে বন বিভাগক বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো বিভাগীয় কর্তৃপক্ষই বিষয়টোৰ প্রতি আওকাণ কৰাৰ বাবেই বৃহত্তৰ আমচাং অভয়াৰণ্যৰ চৌপাশে বাস কৰা পৰিয়ালবোৰ সম্প্রতি ত্রস্ত্রমান হৈ পৰিছে৷ একেদৰে বনৰীয়া হাতীৰ জাক প্রায়ে নাৰেংগী সেনা ছাউনীত অৱস্থান কৰাৰ বাবে সেনা জোৱানে বিনিদ্র ৰজনী পাৰ কৰিবলগীয়া হৈছে৷ স্মর্তব্য যে যোৱা বছৰ বনৰীয়া হাতীৰ আক্রমণত সেনা ছাউনীত কর্মৰত এজন জোৱানে অকাল মৃত্যুক সাবটি ল’বলগীয়া হৈছিল৷ আনহাতে, নাৰেংগী সেনা ছাউনীৰ ভগ্ণ দেৱাল মেৰামতি নকৰাৰ বাবেই সহজে আমচাং অভয়াৰণ্যৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাক জনাঞ্চলত প্রৱেশ কৰে৷ তদুপৰি, সেনা ছাউনীৰ ভগ্ণ দেৱাল পাৰ হৈ এচাম অসাধু লোকে আমচাং অভয়াৰণ্যত প্রৱেশ কৰি বহু মূল্যৱান গছ–গছনি কাটি তহিলং কৰিছে৷ আমচাঙৰ ভূমিত ধ্বংসযজ্ঞ চলোৱা এই অসাধু–চক্রৰ বিৰুদ্ধে বন বিভাগে ৰহস্যজনকভাৱে ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ যদিহে সময় থাকোঁতে বন বিভাগে তৎপৰতাৰে ব্যৱস্থা গ্রহণ নকৰে তেন্তে দুষ্ট–চক্রই বনাঞ্চল ধ্বংস কৰাৰ লগতে বৃহত্তৰ অঞ্চলটোত হাতী–মানুহৰ সংঘাত ক্রমাৎ বৃদ্ধি পোৱাতো একপ্রকাৰ নিশ্চিত হৈ পৰিছে৷

You might also like