অকল তলাবন্ধৰে ক’ৰোনা প্রতিৰোধ কৰা সম্ভৱ নহয়
নিয়মীয়া বাৰ্তা, ২৪ মার্চঃ অকল লক্ডাউন বা তলাবন্ধৰ জৰিয়তে ক’ৰোনা ভাইৰাছৰ সংক্রমণত প্রতিৰোধ লগোৱা সম্ভৱ নহয় ৷ বিশ্ব স্বাস্থ্য সংস্থাই সকলো দেশকে ক’ৰোনাৰ প্রতিৰোধৰ বাবে জনস্বাস্থ্যৰ ক্ষেত্রত বিভিন্ন ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনাইছে ৷ তলাবন্ধৰ জৰিয়তে তাৎক্ষণিকভাৱে সংক্রমণত কিছু প্রতিৰোধ লগোৱা সম্ভৱ হ’ব যদিও পৰৱর্তী সময়ত সমান্তৰালভাৱে জনস্বাস্থ্যৰ ক্ষেত্রত যথেষ্ট গুৰুত্ব প্রদান নকৰিলে এই ভাইৰাছবিধে পুনৰ মূৰ দাঙি উঠিব পাৰে ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ এগৰাকী জৰুৰী সেৱাৰ বিশেষজ্ঞ মাইক ৰিয়ানে সংবাদ সংস্থা বিবিচিৰ সৈতে হোৱা সাক্ষাৎকাৰত এই কথা উল্লেখ কৰিছে ৷ সাক্ষাৎকাৰটোত ৰিয়ানে মন্তব্য কৰিছে যে দেশবোৰে দীর্ঘদিনলৈ তলাবন্ধ ঘোষণা কৰি থাকিবলৈ সক্ষম নহ’ব ৷ গতিকে ক’ৰোনাক প্রতিৰোধৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিব লাগিব৷ অন্যথা পৰৱর্তী সময়তো এই ভাইৰাছবিধে বিশ্বজুৰি ঘাতক ৰূপ লাভ কৰিব পাৰে ৷