অষ্ট্রেলিয়াৰ বিজ্ঞানীৰ পৰীক্ষাগাৰত সৃষ্টি ক’ৰোনা
ছিটা আৱিষ্কাৰৰ প্রচেষ্টা চিকিৎসকৰ
নিয়মীয়া বাৰ্তা,৩০ জানুৱাৰীঃ চীনৰ বুহানৰ পৰা বিশ্বজুৰি সংক্রমণ ঘটা ক’ৰোনা ভাইৰাছে মাৰাত্মক ৰূপ ধাৰণ কৰাৰ সময়তে অষ্ট্রেলিয়াৰ বিজ্ঞানীয়ে পৰীক্ষাগাৰত সৃষ্টি কৰিছে এই ভাইৰাছ ৷ এই ভাইৰাছৰ জৰিয়তে অষ্ট্রেলিয়াৰ চিকিৎসা বিজ্ঞানীয়ে ভাইৰাছবিধ প্রতিৰোধৰ ক্ষেত্রত ছিটা আৱিষ্কাৰৰ চিন্তা–চর্চা চলাইছে ৷ ইতিমধ্যে চিকিৎসা বিশেষজ্ঞসকলে আৰম্ভ কৰিছে গৱেষণা ৷ স্মর্তব্য যে প্রথমবাৰৰ বাবে পৰীক্ষাগাৰত সৃষ্টি কৰা হৈছে এই ভাইৰাছ ৷ ইটালীৰ জনসংখ্যাৰ সমান বাসিন্দা থকা চীনৰ ৱুহান প্রদেশত এই ভাইৰাছত সংক্রমিত হৈ আটাইতকৈ বেছি লোকৰ মৃত্যু হৈছে ৷ লক্ষণীয়ভাৱে ভাইৰাছবিধৰ দ্বাৰা সংক্রমণ ঘটি এতিয়ালৈকে মৃত্যু হৈছে ১৩০গৰাকীতকৈ অধিক লোকৰ ৷ ইফালে, বেইজিং প্রশাসনে ভাইৰাছ বিধৰ দ্বাৰা আক্রান্ত হৈ পাঁচ সহস্রাধিক লোক চিকিৎসাধীন হোৱা বুলি ঘোষণা কৰিছে ৷ অষ্ট্রেলিয়াৰ চিকিৎসা বিশেষজ্ঞই অৱশ্যে এতিয়াও ইয়াৰ ছিটা আৱিষ্কাৰৰ ক্ষেত্রত বিশেষ অগ্রগতি সম্ভৱ হোৱা নাই বুলি ঘোষণা কৰিছে ৷