অৰ্থনীতিক গ্ৰাস কৰিব মহামন্দাইঃ চৰম দৰিদ্ৰতাৰ দিশে ভাৰত- দঃ এছিয়া
নিয়মীয়া বাৰ্তা, ১৩ এপ্ৰিলঃ চীনৰ য়ুহানত প্ৰাদুৰ্ভাৱৰ সময়ত হয়তো কোনেও এবাৰলৈ ভবা নাছিল ক’ৰোনা ভাইৰাছৰ সংহাৰে সমগ্ৰ বিশ্ব তথা মানৱ সভ্যতাক সংকটৰ গৰাহলৈ ঠেলি দিব । বিশ্ব স্বাস্থ্য সংস্থাই মহামাৰী ঘোষণা কৰা এই ভাইৰাছৰ প্ৰকোপত জনস্বাস্থ্যৰ সমান্তৰালকৈ সামাজিক, অৰ্থনৈতিক প্ৰতিটো খণ্ডই সম্প্ৰতি বিপৰ্যস্ত ।
ইয়াৰ মাজতে বিশ্ববেংকে প্ৰকাশ কৰা এখ প্ৰতিবেদনত সন্নিৱিষ্ট হৈছে ভাৰতসহ দক্ষিণ -পূৱ এছিয়াৰ দেশসমূহে ক’ভিড-১৯ ৰ বিৰূপ প্ৰভাৱৰ পৰিণতিত চৰম দৰিদ্ৰ অৱস্থাৰ সন্মুখীন হ’ব লাগিব । অৰ্থনৈতিক বিপৰ্যয়ৰ বাবে দক্ষিণ-পূব এছিয়াই ৪০ বছৰৰ ভিতৰত আটাইতকৈ দুৰ্যোগপূৰ্ণ পথেৰে তথা দৰিদ্ৰ অৱস্থাৰ সন্মুখীন হোৱাৰ দিশে গতি কৰিব । এই ক্ষেত্ৰত লকডাউনৰ কথাও উল্লেখ কৰিছে বিশ্ববেংকৰ প্ৰতিবেদনত ।
বিশ্ববেংকৰ পূৰ্বাভাস- এনে অৱস্থাৰ ফলতেই দক্ষিণ এছিয়াৰ কোনোবাখন দেশত মন্দা, আন কোনোবাখন দেশ আকৌ মহামন্দাৰ কবলত পৰিব পাৰে । চিলত বৰ্ষত দক্ষিণ -পূব এছিয়াৰ অৰ্থনৈতিক বৃদ্ধিৰ হাৰ হ্ৰাস পাই হয়তো ১.৮ শতাংশৰ পৰা ২.৮ শতাংশত অৱস্থান কৰিব । সেইদৰে পাকিস্তান, আফগানিস্তানৰ মুঠ ঘৰুৱা উৎপাদন হ্ৰাস পাব পাৰে ক্ৰমে ২.২ শতাংশ আৰু ৫.৯ শতাংশলৈ । মাৰাত্মক ভাইৰাছৰ প্ৰভাৱ ইতিমধ্যে পৰিছে ভাৰতৰ অৰ্থনীতিতো । বিশ্ববেকৰ পূৰ্বানুমান অনুসৰি ভাৰতৰ অৰ্থনৈতিক বৃদ্ধিৰ হাৰ এইবাৰ ১.৫ শতাঁশৰ পৰা ২.৮ শতাংশৰ মাজত থাকিব ।