নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আফগানিস্তানৰ পৰা কূটাঘাত চলাব আইছিছে: শংকিত আমেৰিকা

নিয়মীয়া বাৰ্তা, ৭ মে’: বিশ্বজুৰি খলিফাতন্ত্র প্রতিষ্ঠাৰ সংকল্পৰে জেহাদ আৰম্ভ কৰা ইছলামিক ষ্টেট (আইছিছ) ইতিমধ্যে ইৰাক আৰু ছিৰিয়াত পৰাভূত হৈছে৷ কিন্তু আফগানিস্তানত শেহতীয়াকৈ এই কুখ্যাত সন্ত্রাসবাদী সংগঠনটোৱে সবল সাংগঠনিক ভেটি বিস্তাৰ কৰিছে৷ আফগানিস্তানত পুনৰ আইছিছে মূৰ দাঙি উঠাৰ লগে লগে শংকা বৃদ্ধি পাইছে আমেৰিকাৰ৷ আফগানিস্তানৰ পৰাই আল–কায়দাৰ দৰে আইছিছে আমেৰিকাত কূটাঘাত সংঘটিত কৰিব পাৰে৷ ইতিমধ্যে আমেৰিকাৰ নিৰাপত্তা বিশেষজ্ঞসকলে এই সতর্কবাণী কৰিছে৷ মার্কিন সেনাৰ শীর্ষ বিষয়া জেনেৰেল মার্ক মাইলিয়ে শেহতীয়াকৈ হোৱাইট হাউছ প্রশাসনক সতর্কবাণী কৰিছে যে আফগানিস্তানত আইছিছে শক্তি বৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷ মার্কিন ছিনেটত দিয়া এক বিবৃতিত জেনেৰেল মাইলিয়ে উল্লেখ কৰে যে আফগানিস্তানত আইছিছৰ সমান্তৰালকৈ অন্যান্য জেহাদী সংগঠনেও সাংগঠনিক বিস্তাৰ লাভ কৰিছে৷ আইছিছে যি হাৰত দেশখনত সংগঠন বিস্তাৰ কৰিছে, ভৱিষ্যতে আমেৰিকাৰ বাবে এই সংগঠনটো বিপজ্জনক হৈ পৰিব পাৰে বুলিও আশংকা প্রকাশ কৰিছে মাইলিয়ে৷

You might also like