নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমাজনৰ ধাৰাবাহিক ‘হাণ্টার্ছ’ক লৈ ক্ষুব্ধ ইহুদী সংগঠন

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ অনলাইন বাণিজ্যিক প্রতিষ্ঠান আমাজনে দ্বিতীয় বিশ্বযুদ্ধত ইহুদী নিধনৰ পাশৱিকতাক লৈ ‘হাণ্টার্ছ’ শীর্ষক ১০টা খণ্ডৰ এক ধাৰাবাহিক শ্ব’ মুকলি কৰাৰ পিছতেই ইহুদী সংগঠনবোৰে কঠোৰ সমালোচনা কৰিছে৷ কেইবাটাও ইহুদী সংগঠনে হাণ্টার্ছত নাজী পাশৱিকতাৰ ছবি তথা দৃশ্যায়নক সমালোচনা কৰাৰ উপৰি আমাজনে ইহুদী বিৰোধী প্রচাৰ গ্রন্থ বিক্রীৰ অনুমতি প্রদান কৰা বিষয়টোতো ক্ষোভ উজাৰিছে৷ অৱশ্যে হাণ্টার্ছৰ প্রযোজক ডেভিদ ভেইলে আমাজন আৰু এই ধাৰাবাহিকক সুৰক্ষা প্রদান কৰিবলৈ গৈ মন্তব্য কৰিছে যে বিতর্কিত গ্রন্থবোৰ বিক্রী যুক্তিসংগত৷

স্মর্তব্য যে ১৯৭০ৰ দশকত নাজী হাণ্টাৰৰ দল এটাৰ কাহিনীক লৈ ১০টা খণ্ডৰ এই ধাৰাবাহিক হাণ্টার্ছ নির্মাণ কৰা হৈছে৷ ইয়াত মুখ্য চৰিত্রত অভিনয় কৰিছে আল–পাছিন’ৱে৷

You might also like