নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাই সকলো ৰাসায়নিক অস্ত্ৰ ধ্বংস কৰিছে : দাবী বাইডেনৰ

বিশেষ বাৰ্তা, ৯ জুলাই : শুকুৰবাৰে ৰাষ্ট্ৰপতি জো বাইডেনে দাবী কৰে যে আমেৰিকাই ৰাসায়নিক অস্ত্ৰৰ মজুত সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছে। তিনি দশক পুৰণি ৰাসায়নিক অস্ত্ৰ সন্ধিৰ অধীনত দিয়া প্ৰতিশ্ৰুতি অনুসৰি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। বাইডেনে কয়- “মই ঘোষণা কৰি গৌৰৱান্বিত যে আমেৰিকাৰ শেষৰটো ৰাসায়নিক অস্ত্ৰৰ মজুত নিৰাপদে ধ্বংস হৈছে। ৰাসায়নিক অস্ত্ৰৰ ভয়াৱহতাৰ পৰা বিশ্বক মুক্ত কৰাৰ এখোজ ওচৰ চাপি আহিছোঁ।” ৰাসায়নিক অস্ত্ৰ নিয়ন্ত্ৰণৰ চুক্তি আছিল ৰাসায়নিক অস্ত্ৰ সন্ধি। ৰাসায়নিক অস্ত্ৰ উৎপাদন, মজুত আৰু ব্যৱহাৰ নিষিদ্ধকৰণ আৰু মজুত অস্ত্ৰ ধ্বংস কৰাৰ কথা ইয়াত উল্লেখ কৰা হৈছে। ১৯৯৩ চনত এই চুক্তি স্বাক্ষৰিত হৈছিল। ১৯৯৭ চনৰ পৰা কাৰ্যকৰী কৰা হয়। ৰাসায়নিক অস্ত্ৰৰ ‘ঘোষিত মজুত’ ধ্বংস কৰিবলৈ এই সন্ধিত স্বাক্ষৰ কৰা দেশসমূহৰ ভিতৰত আমেৰিকাই শেষৰখন দেশ আছিল। ৰাসায়নিক অস্ত্ৰৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যবেক্ষক সংস্থা অ’পিচিডব্লিউৱে মে’ মাহত কৈছিল যে আমেৰিকাৰ বাহিৰে এই সন্ধিত স্বাক্ষৰ কৰা আন সকলো দেশেই তেওঁলোকৰ ৰাসায়নিক অস্ত্ৰৰ মজুত ধ্বংস কৰি পেলাইছে। যাৰ পৰিমাণ ৭০ হাজাৰ টনতকৈও অধিক। চুক্তি অনুসৰি আমেৰিকাক ৩০ ছেপ্টেম্বৰৰ ভিতৰত সকলো ৰাসায়নিক অস্ত্ৰ ধ্বংস কৰিবলৈ কোৱা হৈছে। তাৎপৰ্যপূৰ্ণভাৱে শুকুৰবাৰে ৰাষ্ট্ৰপতি জো বাইডেনে আমেৰিকাই ৰাসায়নিক অস্ত্ৰৰ মজুত সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলোৱা বুলি দাবী কৰে।

You might also like