নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাত ডেম’ক্ৰেটিকৰ প্ৰাৰ্থী বিডেন

নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিলঃ আগন্তুক নবেম্বৰত হ’বলগীয়া মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ দৌৰত দ্বিতীয়বাৰলৈ ব্যৰ্থ হৈছে ছিনেটৰ বাৰ্নি ছেণ্ডাৰ্ছ। প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ দৌৰৰ পৰা অন্তিম মুহূৰ্তত নাম প্ৰত্যাহাৰ কৰিলে ৭৮ বছৰীয়া ছেণ্ডাৰ্ছে। ছেণ্ডাৰ্ছৰ আত্মসমৰ্পণৰ লগে লগে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জ’ বিদেন ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী হোৱাটো নিশ্চিত হৈ পৰিল। বিগত কেইবামাহো ধৰি চলা ডেম’ক্ৰেটিক দলৰ প্ৰাথমিক নিৰ্বাচনত কেইবাখনো প্ৰদেশত বাৰ্নি ছেণ্ডাৰ্ছে বিজয় সাব্যস্ত কৰিছিল যদিও একেৰাহে জ’ বিডেনৰ হাতত নেতাগৰাকী কেইবাখনো প্ৰদেশত পৰাভূত হ’বলগীয়া হয়। ভাৰমণ্টৰ ছিনেটৰ ছেণ্ডাৰ্ছে আৰম্ভনিৰে পৰা ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সমুখ শাৰীত আছিল। আনকি দেশখনৰ ডেম’ক্ৰেটিক দলৰ তৰুণ ভোটাৰসকলৰো সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছিল ছেণ্ডাৰ্ছে। কিন্তু বিগত ছটা সপ্তাহত ছেণ্ডাৰ্ছতকৈ বহু আগবাঢ়ি যায় জ’ বিডেন। আমেৰিকাত ক’ৰোনা ভাইৰাছ মহামাৰীৰ সংহাৰী ৰূপৰ বাবেই এইবাৰ ডেম’ক্ৰেটিক দলৰ প্ৰাথমিক নিৰ্বাচনে সংবাদমাধ্যমত বিশেষ গুৰুত্ব লাভ কৰা পৰিলক্ষিত নহ’ল। প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ দৌৰৰ পৰা ছেণ্ডাৰ্ছে নাম প্ৰত্যাহাৰ কৰাৰ লগে লগে ৭৭ বছৰীয়া জ’বিদেনক আগন্তুক আগষ্ট মাহত দলে আনুষ্ঠানিক ভাৱে মনোনীত প্ৰাৰ্থী ঘোষণা কৰাটো নিশ্চিত হৈ পৰিল।

You might also like