আমেৰিকাত ১.২৫ লাখ সংস্থাপন সৃষ্টি কৰিলে ১৫৫ ভাৰতীয় কোম্পানীয়ে
নিয়মীয়া বাৰ্তা, ১৭ জুনঃ ১৫৫তকৈ অধিক ভাৰতীয় কোম্পানীয়ে আমেৰিকাত বিনিয়োগ কৰিব ২২ বিলিয়ন মার্কিন ডলাৰ৷ ভাৰতীয় কোম্পানীৰ এই বৃহৎ পৰিমাণৰ বিনিয়োগৰ বাবে দেশখনত সৃষ্টি হ’ব ১.২৫ লাখ সংস্থাপন৷ কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্রিজ (চিআইআই) প্রকাশ কৰা তথ্য মতে, ১৫৫তকৈ অধিক ভাৰতীয় কোম্পানী আমেৰিকাৰ ৫০তকৈ অধিক দেশত ব্যৱসায়িকভাৱে সফল হৈ আছে৷ চি আই আয়ে প্রকাশ কৰা মতে, ৱাশ্বিংটন ডিচি, পুৱের্ট’ ৰিক’, টেক্সাছ, কেলিফর্নিয়া, নিউ জার্ছী আৰু ফ্ল’ৰিডাত ভাৰতীয় কোম্পানীসমূহে বৃহৎ সংখ্যক লোকক সংস্থাপন দি আহিছে৷ প্রতিবেদনৰ তথ্য মতে, টেক্সাছ, নিউ জার্ছী, নিউয়র্ক, ফ্ল’ৰিডা আৰু মাছাছুছেটছত এই কোম্পানীসমূহে বৃহৎ পৰিমাণৰ প্রত্যক্ষ বিদেশী বিনিয়োগ (এফডিআই) কৰি আহিছে৷ লক্ষণীয় যে ভাৰতীয় কোম্পানীসমূহে টেক্সাছত ১৭,৫৭৮, কেলিফর্নিয়াত ৮২৭০, নিউ জার্ছিত ৮,০৫৭, নিউয়র্কত ৬,১৭৫ আৰু ফ্ল’ৰিডাত ৫,৪৫৪জনক সংস্থাপন দিছে৷