নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘সুশান্ত সিং ৰাজপুতৰ মৃত্যুত গভীৰ ষড়যন্ত্র আছে’

নিয়মীয়া বাৰ্তা, ১৭ জুনঃ প্রতিভাৱান জনপ্রিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুত গভীৰ ষড়যন্ত্র লুকাই আছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই৷ কুখ্যাত ডন ডাউদ ইব্রাহিমৰ অনুপস্থিতিতো মুম্বাই চলচ্চিত্র জগতত ছিণ্ডিকেট চলি থকা বুলি অভিযোগ উত্থাপন কৰি জনপ্রিয় অভিনেতা ৰাজপুতৰ মৃত্যুৰ ন্যায়িক তদন্ত দাবী কৰিছে বিজেপিৰ সাংসদগৰাকীয়ে৷ অভিনেতাৰ সন্তান আৰু প্রযোজকৰ সন্তানক আগবঢ়াই নিয়াৰ বাবে বিভিন্ন প্রান্তৰ পৰা অহা অভিনেতাসকলৰ ক্ষেত্রত অৱহেলাৰ দৃষ্টিভংগী বলীউডত চলি থকা বুলি অভিযোগ কৰিছে সাংসদগৰাকীয়ে৷ উল্লেখ্য যে এম এছ ধোনী দ্য আনট’ল্ড ষ্টৰীৰে দেশবাসীৰ হূদয়ৰ মণি হোৱা ৰাজপুতে মুম্বাইৰ নিজ বাসগৃহত আত্মহননক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷

You might also like