আমেৰিকাত ২৮ হাজাৰৰ মৃত্যুঃ বিশ্বত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ২০ লাখ
নিয়মীয়া বাৰ্তা, ১৬ এপ্ৰিলঃ ক’ভিড-১৯ মহামাৰীয়ে বিশ্বত এতিয়ালৈকে প্ৰাণ ল’লে প্ৰায় ১ লক্ষাধিক লোকৰ । পৃথিৱীৰ প্ৰতিখন দেশেই এই মহামাৰীৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে যদিও চীনৰ বাদে কোনো এখন দেশেই ইয়াক প্ৰতিৰোধ কৰিব পৰা নাই । ন’ভেল ক’ৰোনা ভাইৰাছৰ জন্মস্থান চীনত বৰ্তমান ইয়াৰ সংক্ৰমণ বহু পৰিমাণে হ্ৰাস পাইছে যদিও সম্পূৰ্ণ শেষ হোৱা নাই । দেশখনত বুধবাৰে এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে নতুনকৈ আক্ৰান্ত হয় ৪৬ জন লোক । এই মহামাৰীত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে বিশ্বৰ মহাশক্তিমান ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ ।
দেশখনত শেহতীয়া তথ্য অনুসৰি ৬ লক্ষাধিক লোক আক্রান্ত হৈছে আৰু প্রাণ হেৰুৱাইছে ২৮ হাজাৰতকৈও অধিক লোকে ৷ ইটালীত দ্বিতীয় সর্বাধিক ২১ হাজাৰ লোকৰ মৃত্যু হৈছে আৰু এই দেশত ১ লাখ ৬২ হাজাৰ লোক আক্রান্ত হৈছে ৷ স্পেইনতো আক্রান্ত আৰু মৃতকৰ সংখ্যা বৃদ্ধি পাইছে ৷ দেশখনত প্রায় ১৯ হাজাৰ লোকে প্রাণ হেৰুওৱাৰ লগতে ১ লাখ ৭৭ হাজাৰ লোক আক্রান্ত হৈছে ৷ ফ্রান্সত ১৬ হাজাৰ, ব্রিটেইনত ১৩ হাজাৰ লোকে প্রাণ হেৰুৱাইছে ৷