নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ গণতন্ত্রৰ ওপৰত চলিছে মুকলি যুদ্ধ

নানচী পেল’ছিলৈ ট্রাম্পৰ কঠোৰ পত্র

নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ ব্যক্তিগত ৰাজনৈতিক স্বার্থ সিদ্ধিৰ বাবে ইউক্রেইনৰ ওপৰত চাপ সৃষ্টি কৰা বিষয় লৈ আমেৰিকাত ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ বিৰুদ্ধে মহাভিযোগ প্রক্রিয়া চলাই আছে ডেম’ক্রেটিক পার্টীয়ে ৷ মার্কিন হাউছ অৱ ৰিপ্রেজেণ্টেটিভত ট্রাম্পৰ বিৰুদ্ধে মহাভিযোগৰ ভোট প্রক্রিয়াৰ পূর্বে ৰাষ্ট্রপতিগৰাকীয়ে ডেম’ক্রেট নেত্রী নানচী পেল’ছিলৈ প্রেৰণ কৰিছে এখন কঠোৰ পত্র ৷

এই পত্রত ট্রাম্পে অভিযোগ কৰিছে যে নানচী পেল’ছিৰ বাবেই এতিয়া আমেৰিকা গণতন্ত্রৰ ওপৰত মুকলি যুদ্ধ চলিছে ৷ উল্লেখনীয় যে মহাভিযোগৰ ভোট প্রক্রিয়াত ট্রাম্পৰ বিপক্ষে গৰিষ্ঠসংখ্যক ডেম’ক্রেট প্রতিনিধিয়ে ভোটদান কৰাৰ সম্ভাৱনা আছে ৷ যদি ট্রাম্পৰ বিৰুদ্ধে মহাভিযোগ ভোট প্রক্রিয়া সফল হয়, তেন্তে ছিনেটত ইয়াক লৈ আৰম্ভ হ’ব বিচাৰ৷ অর্থাৎ ট্রাম্প কিয় দেশখনৰ ৰাষ্ট্রপতি হৈ থাকিব নালাগে তাক লৈ বিচাৰ প্রক্রিয়া চলিব পাৰে মহাভিযোগৰ ভোট সফল হ’লে ৷ ট্রাম্পে পেল’ছিলৈ প্রেৰণ কৰা ছয় পৃষ্ঠাৰ পত্রত উল্লেখ কৰা হৈছে যে ছিনেটত মহাভিযোগৰ যি প্রক্রিয়া চলিছে সেয়া গণতন্ত্রৰ ওপৰত আঘাত ৷

You might also like