নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ টেনেছী নদীত শোকাৱহ অগ্ণিকাণ্ডত ৮ জনৰ মৃত্যু

নিয়মীয়া বার্তা, ২৯ জানুৱাৰীঃ আমেৰিকাৰ আৰাবামা প্রদেশত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত ৩৫খনকৈ নাও পুৰি ছাই হোৱাৰ উপৰি কমপক্ষেও ৮গৰাকী লোকৰ মৃত্যু হৈছে৷ কালি নিশা আৰাবামাৰ এক মেৰিনাত সংঘটিত হৈছে এই ভয়াৱহ অগ্নিকাণ্ড৷ প্রদেশখনৰ স্কট্ছব’ৰোত চহৰৰ জেকছন কাউণ্টী পার্কত নিশা এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত বহু লোক শুই আছিল৷

উল্লেখনীয় যে এই অগ্ণিকাণ্ডৰ ফলত এখন জাহাজৰ কাঠৰ ড’কৰ এলুমোনিয়াম মূধছ সম্পূর্ণৰূপে বিধ্বস্ত হয়৷ লগে লগে ড’কত থকা কেইবাখনো নাও ডুব যায়৷ এই অগ্নিকাণ্ডৰ পৰা ৰক্ষা পাবলৈ পানীত জাঁপ দিয়া সাতজন লোকক প্রশাসনে তাৎক্ষণিকভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও কেইবাজনো লোক মুর্মূর্ষু অৱস্থাত হাস্পতালত চিকিৎসাধীন হৈ আছে৷ অগ্নিকাণ্ডৰ কাৰণ তাৎক্ষণিকভাৱে সদৰী কৰা নাই প্রশাসনে৷

লক্ষণীয়ভাৱে উদ্ধাৰকাৰীয়ে অগ্নিকাণ্ড সংঘটিত হোৱা স্থানৰ সমীপৰ জলৰাশিত কেইবাঘণ্টা ধৰিও অভিযান চলাইছে যদিও কোনো লোকৰ সন্ধান পোৱা নাই৷ গতিকে নিহত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা নাই বুলি সদৰী কৰিছে এগৰাকী উদ্ধাৰকাৰী বিষয়াই৷ স্কট্ছব’ৰোৰ অগ্নিনির্বাপক বাহিনীৰ মুৰব্বী জেনে নেক্লাছে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি টেনেছী নদীত সংঘটিত এই অগ্ণিকাণ্ডৰ ঘটনাৰ পিছতেই সমগ্র চহৰখনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি৷ নেক্লাছে সাংবাদিকৰ আগত উল্লেখ কৰা অনুসৰি এই অগ্নিকাণ্ডৰ ঘটনা আছিল চহৰখনত নজিৰবিহীন৷ ইয়াৰ পূর্বে টেনেছী নদীত এনেধৰণৰ শোকাৱহ দুর্ঘটনা সংঘটিত হোৱা নাছিল৷ উল্লেখনীয় যে এই অগ্নিকাণ্ডৰ ঘটনাৰ ভিডিঅ’ তথা আলোকচিত্র ছ’চিয়েল মিডিয়াত প্রকাশ পোৱাৰ লগে লগে বিশ্বজুৰি সৃষ্টি হৈছে চাঞ্চল্য৷

You might also like