আমেৰিকা যুক্তৰাষ্ট্রৰ চোৰাংচোৱা সংস্থাৰ স্বীকাৰোক্তিঃ কেতিয়াও জ্ঞাত নহ’ব ক’ভিড–১৯ৰ প্রকৃত উৎস
নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰঃ বিশ্বক বিধ্বস্ত কৰা মহামাৰী ক’ভিড–১৯ৰ প্রকৃত উৎসক লৈ অনুসন্ধান চলাই থকা আমেৰিকা যুক্তৰাষ্ট্রৰ চোৰাংচোৱা সংস্থাই অৱশেষত স্বীকাৰোক্তি দিলে যে ক’ভিড–১৯ৰ প্রকৃত উৎস কেতিয়াও জানিব পৰা নাযাব৷ অর্থাৎ জ্ঞাত নহ’ব৷ ঘাতক ক’ভিড–১৯ চীনৰ য়ুহান প্রদেশত প্রার্দুভাৱ ঘটি সমগ্র বিশ্বকে বিধ্বস্ত কৰি তোলাৰ সময়তে আমেৰিকা যুক্তৰাষ্ট্রই চীনৰ গৱেষণাগাৰৰ পৰা এই মাৰাত্মক ভাইৰাছটো নির্গমন হোৱা বুলি দাবী কৰিছে৷ প্রাণীৰ পৰা এই ভাইৰাছ মানৱদেহলৈ অহা বুলি চীনে প্রচাৰ চলালেও আমেৰিকাৰ লগতে বিভিন্ন দেশে চীনৰ গৱেষণাগাৰৰ পৰা ভাইৰাছটো প্রসাৰিত হোৱা বুলি দাবী কৰিছে৷
বিশ্ব স্বাস্থ্য সংস্থাই এই সন্দর্ভত অনুসন্ধান চলালেও সঠিক সিদ্ধান্তত উপনীত হ’ব পৰা নাই৷ ইয়াৰ বিপৰীতে আমেৰিকাই চীনৰ প্রতি সন্দেহ প্রকাশ কৰি নিজাববীয়াকৈ অনুসন্ধান চলাই থাকে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ডাইৰেক্টৰ অৱ নেচনেল ইণ্টেলিজেঞ্চ কার্যালয়ে প্রকাশ কৰা মতে, ক’ভিড–১৯ৰ প্রকৃত উৎস কেতিয়াও জানিব পৰা নাযাব৷
সংস্থাটোৱে আনকি তেওঁলোকৰ অনুসন্ধান এই বুলিও সামৰণি পেলায় যে এই মাৰাত্মক ক’ভিড–১৯ জৈৱিক অস্ত্র নহয়৷ প্রাণীৰ দেহৰ পৰা মানৱদেহলৈ কিম্বা গৱেষণাগাৰৰ পৰা মানৱদেহলৈ জৈৱিক অস্ত্র হিচাপে ক’ভিড–১৯ৰ সংহাৰ চলা বুলি চর্চিত সংবাদৰ আমেৰিকাৰ স্বীকাৰোক্তিয়ে নতুন গতি দিব বুলি ধাৰণা কৰা হয় যদিও চীনে আমেৰিকাৰ এই স্বীকাৰোক্তিক কঠোৰ ভাষাৰে সমালোচনা কৰিছে৷