নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২০ ত দেশত দুর্ঘটনাত মৃত্যু ৩.৭৪ লক্ষাধিকৰ

নেচনেল ক্রাইম ৰেকর্ডছ ব্যুৰ’ৰ বার্ষিক প্রতিবেদন

নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰঃ দেশত ২০২০ চনত দুর্ঘটনাজনিত কাৰণত ৩,৭৪,৩৯৭জন লোকৰ মৃত্যু হৈছে৷ এই মৃতকৰ সংখ্যা উদ্বেগজনক যদিও ২০১৯ চনৰ তুলনাত কিছু হ্রাস পাইছে৷ নেচনেল ক্রাইম ৰেকর্ডছ ব্যুৰ’, চমুকৈ এনচিআৰবিয়ে প্রকাশ কৰা বার্ষিক প্রতিবেদনত এই তথ্য প্রকাশ পাইছে৷ এনচিআৰবিৰ তথ্য মতে, ২০২০ চনত প্রতিলাখত দুর্ঘটনাত মৃত্যুৰ হাৰ ২৭.৭ শতাংশ৷ ইয়াৰ বিপৰীতে ২০১৯ চনত এই দুর্ঘটনাত মৃত্যুৰ হাৰ আছিল ৩১.৪ শতাংশ৷ মন কৰিবলগীয়া যে দেশজুৰি দুর্ঘটনাত মৃত্যু হোৱা লোকৰ ভিতৰত ৬০ শতাংশতকৈ অধিক দ্রুতবেগত গাড়ী চলোৱাৰ বাবে হোৱা ঘটনা৷ ২০২০ চনত দুর্ঘটনাত ৩.৩৫ লোক আহত হৈছে৷

চৰকাৰৰ তথ্য মতে, দুর্ঘটনাজনিত কাৰণত মৃত্যু ঘটা লোকৰ ভিতৰত ৩৫ শতাংশই পথ দুর্ঘটনাত প্রাণ হেৰুৱাইছে৷ বর্ষটোত ৩,৫৪,৭৯৬টা পথ দুর্ঘটনা সংঘটিত হৈছে৷ এই দুর্ঘটনাত ১,৩৩,২০১জন নিহত হৈছে৷ ৩,৩৫,২০১জন আহত হৈছে৷ কেন্দ্রীয় গৃহ পৰিক্রমা মন্ত্রালয়ৰ অধীনত এনচিআৰবিৰ ২০২০ চনত বার্ষিক প্রতিবেদনত প্রকাশ পোৱা মতে, দুর্ঘটনাত মৃত্যু ঘটা লোকৰ ভিতৰত দুচকীয়া বাহনত দুর্ঘটনাৰ ফলত ৪৩.৬ শতাংশ, কাৰ, ট্রাক আৰু বাছ দুর্ঘটনাত ক্রমে ১৩.২ শতাংশ, ১২.৮ শতাংশ আৰু ৩.১ শতাংশ৷ বিপজ্জনক কিম্বা অসচেতনভাৱে গাড়ী চলোৱাৰ বাবে ২৪.৩ শতাংশ পথ দুর্ঘটনা সংঘটিত হৈছে৷

আনপিনে, বেয়া বতৰৰ বাবে ২.৪ শতাংশ পথ দুর্ঘটনা সংঘটিত হোৱা বুলি প্রতিবেদনত প্রকাশ পাইছে৷ বর্ষটোত ৰে’লৰ সৈতে সম্পর্কিত দুর্ঘটনাত ১৩ সহস্রাধিক আহত হৈছে আৰু ১১,৯৬৭জনৰ মৃত্যু হৈছে৷

You might also like