ইটালীত ২৪ ঘণ্টাত ১৯৬ জনৰ মৃত্যু
ক'ৰোনাক মহামাৰী ঘোষণা বিশ্ব স্বাস্থ্য সংস্থাৰ
নিয়মীয়া বাৰ্তা, ১৩ মাৰ্চঃ চীনত সংহাৰী ৰূপ লৈ বিশ্বৰ ১১৪ খন দেশলৈ সম্প্ৰসাৰিত হোৱা ঘাতক ক’ৰোনা ভাইৰাছক মহামাৰী হিচাপে ঘোষণা কৰা হ’ল কমেও ১১৪ খন দেশত এই ঘাতক ক’ভিড-১৯ ত চাৰি সহস্ৰাধিক লোকে প্ৰাণ হেৰুওৱাৰ লগতে ১,২০,০০০ তকৈ অধিক লোক আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা উপৰি প্ৰতিদিনে এই ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাই থকাৰ পৰিপ্রেক্ষিততে ৰাষ্ট্রসংঘৰ বিশ্ব স্বাস্থ্য সংস্থাই আনুষ্ঠানিকভাৱে ক’ভিড–১৯ক মহামাৰী ৰূপে ঘোষণা কৰিলে৷ জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্রধান টেড্র’ছ এধানম গেব্রেয়েছাছে চীনত উদ্ভৱ ঘটা ক’ৰোনা ভাইৰাছৰ প্রভাৱ বিশ্বৰ আন দেশত ১৩ গুণ বৃদ্ধি পোৱাৰ বাবে ভাইৰাছটোক মহামাৰী ৰূপে ঘোষণা কৰি বিশ্বৰ সকলো দেশক এই ঘাতক ভাইৰাছক প্রতিৰোধৰ বাবে ব্যৱস্থা গ্রহণ কৰিবলৈ পৰামর্শ দিছে৷ ২০০৯ চনত এইচ১ এন১ ‘ছোৱাইন ফ্লু’ক মহামাৰী ৰূপে ঘোষণা কৰাৰ পাছত ক’ভিড–১৯ক মহামাৰী ৰূপে ঘোষণা কৰে বিশ্ব স্বাস্থ্য সংস্থাই৷ ইপিনে, চীনৰ পাছতে সংহাৰী ৰূপ লোৱা ইটালীত কালি ২৪ ঘণ্টাৰ ভিতৰত ১৯৬জন লোকৰ প্রাণ হানি হৈছে৷ এই লৈ দেশখনত প্রাণ হেৰুওৱা মুঠ লোকৰ সংখ্যা ৮২৭জন৷ আক্রান্ত লোকৰ সংখ্যা ১২,৪৬২জনলৈ বৃদ্ধি পাইছে৷ আনহাতে, চীনৰ পাছত বিশ্বৰ ৬খন দেশত ক’ৰোনা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা ১,০০০তকৈও অধিক৷ ইয়াৰে ভিতৰত আমেৰিকা যুক্তৰাষ্ট্রও আছে৷ প্রতিৰোধী ব্যৱস্থা গ্রহণ কৰিলেও ভাৰতত প্রতিদিনে ঘাতক ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাই আছে৷ আজি পুনৰ নইদাকে ধৰি মহাৰাষ্ট্রত ক’ৰোনা ভাইৰাছত আক্রান্ত নতুন লোক চিনাক্ত হোৱাৰ পাছত দেশত ইয়াৰ সংখ্যা ৭৩জনলৈ বৃদ্ধি পালে৷ এই ৭৩জনৰ ভিতৰত সর্বাধিক ১৭জন কেৰালাৰ লোক৷ হাৰিয়ানাত ১৪, উত্তৰ প্রদেশত ১০, দিল্লীত ৬, ৰাজস্থানত ২, তেলেংগানাত ১, জম্মু–কাশ্মীৰত ১, লাডাখত ৩, তামিলনাডুত ১, কর্ণাটকত ৪ আৰু পঞ্জাবত এজন৷ দেশব্যাপী ক’ৰোনা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাটো উদ্বিগ্ণতাৰ বিষয় বুলি আজি বৈদেশিক মন্ত্রী এছ জয়শংকৰে প্রকাশ কৰিছে৷ ইৰানত আবদ্ধ ৬ হাজাৰ ভাৰতীয় লোকক দেশলৈ ওভতাই অনাৰ প্রক্রিয়া চৰকাৰে চলাই আছে৷ ইতিমধ্যে ইৰানৰ পৰা ৫৮গৰাকী ভাৰতীয়ক সুকলমে দেশলৈ ওভতাই অনা হৈছে৷ ইৰানৰ লগতে চীন, হংকং আদিৰ পৰাও দেশলৈ ওভতাই অনা হৈছে ভাৰতীয় নাগৰিকক৷ মন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে, ৯০০ ভাৰতীয়ক ইতিমধ্যে বিভিন্ন ৰাষ্ট্রৰ পৰা ভাৰতলৈ ওভতাই অনা হৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাই ক’ভিড–১৯ক মহামাৰী ৰূপে ঘোষণা কৰাৰ পাছতে আমেৰিকা যুক্তৰাষ্ট্রই ইউৰোপীয় দেশসমূহৰ ভ্রমণকাৰীৰ প্রৱেশ নিষিদ্ধ কৰিছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে সংবাদ মেলযোগে ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি ইউৰোপীয় সংঘৰ দেশসমূহৰ নাগৰিকৰ আমেৰিকা ভ্রমণ নিষিদ্ধ কৰিছে৷ লক্ষণীয় যে ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ তালিকাত হলীউডৰ অভিনেতা টম হাংকছৰ লগতে তেওঁৰ পত্নীও আছে৷ তদুপৰি জুভেণ্টাছৰ ডিফেণ্ডাৰ ডেনিয়েল ৰুগানী ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাটো নিশ্চিত হোৱা বুলি মিলান ক্লাব কর্তৃপক্ষই বিবৃতিযোগে প্রকাশ কৰিছে৷ আনহাতে, বিশ্বৰ প্রসিদ্ধ তাৰকা ফুটবলাৰ খ্রীষ্টীয়ান ৰ’নাল্ডোকো অকলশৰীয়াকৈ ৰখা হৈছে৷ কি কাৰণত তাৰকা ফুটবলাৰগৰাকীক অকলশৰীয়াকৈ ৰখা হৈছে, সেই সন্দর্ভত স্থিতি স্পষ্ট হোৱা নাই যদিও সংবাদ মাধ্যমৰ মতে, তাৰকা ফুটবলাৰগৰাকীক ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ সন্দেহ কৰা হৈছে৷ মন কৰিবলগীয়া যে ক’ৰোনা ভাইৰাছক মহামাৰী ৰূপে ঘোষণা আৰু ভাৰতত এই ভাইৰাছত আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ প্রতি লক্ষ্য ৰাখি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে তেওঁৰ মন্ত্রীৰ লগতে দেশবাসীক অনাৱশ্যকীয় কাৰণত বিদেশ ভ্রমণৰ পৰা বিৰত থাকিবলৈ পৰামর্শ আগবঢ়াইছে৷ প্রধানমন্ত্রীগৰাকীয়্ ক’ৰোনা ভাইৰাছক লৈ শংকিত হোৱাৰ বিপৰীতে সজাগ আৰু সচেতন হৈ প্রতিৰোধী ব্যৱস্থা গ্রহণ কৰাৰ বাবে আহ্বান জনাইছে৷ তদুপৰি কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে ক’ৰোনা ভাইৰাছক লৈ শংকিত নহ’বলৈ দেশবাসীক আহ্বান জনাই পার্যমানে সামাজিক কার্যসূচীৰ পৰা বিৰত ৰাখি নিজকে ক’ৰোনা ভাইৰাছৰ পৰা সুৰক্ষিত কৰিবলৈ আহ্বান জনাইছে৷ স্বাস্থ্য মন্ত্রালয়ৰ বিবৃতিত প্রকাশ কৰা মতে, মাস্ক সদায়েই আৱশ্যক নহয়৷ যদি এজন লোকে সক্রিয় সামাজিক কার্যসূচীৰ পৰা আঁতৰাই ৰাখিব পাৰে, তেতিয়াহ’লে মাস্কৰ আৱশ্যক নহয়৷ শংকিত হোৱাৰো আৱশ্যক নাই৷ সৌভাগ্যক্রমে ভাৰতত সামূহিক ৰূপত এই ভাইৰাছ সংক্রমণৰ কোনো তথ্য লাভ কৰা নাই৷ যিসকল লোক আক্রান্ত হৈছে, সেইসকল বিদেশৰ পৰা অহা৷ তদুপৰি অতি নিকটাত্মীৰ পৰা দুই–এজন এই ভাইৰাছত আক্রান্ত হৈছে৷ ৭৩জন ভাইৰাছত আক্রান্তৰ ভিতৰত ৫৬জন ভাৰতীয় আৰু ১৭জন বিদেশী৷