কংগোত অপহূতাক মানুহৰ মাংস খুৱালে জেহাদীয়ে
নিয়মীয়া বাৰ্তা, ১জুলাইঃ আফ্রিকান ৰাষ্ট্রৰ কংগৰ এক অপহৰণ তথা ধর্ষণৰ ঘটনাক লৈ বিশ্বজুৰি সৃষ্টি হৈছে চাঞ্চল্য৷ সন্ত্রাসবাদীয়ে দুবাৰকৈ অপহৰণ কৰিছিল এজনী তৰুণীক৷ এই তৰুণীৰ ওপৰত কুখ্যাত জেহাদীয়ে নাৰকীয় আতিশয্য চলায়৷ বাৰে বাৰে গণধর্ষণৰ সন্মুখীন হোৱা তৰুণীজনীক মানুহৰ মাংস ৰান্ধি খাবলৈ বাধ্য কৰোৱাও হৈছিল৷ মানৱ অধিকাৰ সংগঠনৰ পৰা এই ঘটনা সন্দর্ভত প্রতিবেদন লাভ কৰাৰ পাছতে হতভম্ব হৈ পৰে ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্যসকল৷ ডেম’ক্রেটিক ৰিপাব্লিক অৱ কংগো (ডিআৰচি)ৰ পৰিস্থিতি বিশ্লেষণৰ বাবে কালি নিৰাপত্তা পৰিষদত আলোচনা চলিছিল৷ সেই সময়তে কংগোস্থিত এক নাৰী অধিকাৰ ৰক্ষা সংগঠনৰ মুৰব্বী জুলিয়েন লুছেঞ্জে এই ৰুদ্ধশ্বাস ঘটনা সবিস্তাৰে প্রকাশ কৰে নিৰাপত্তা পৰিষদত৷ লুচেঞ্জে উল্লেখ কৰা অনুসৰি কংগোৰ কদেকো সন্ত্রাসবাদীবোৰে এই মহিলাগৰাকীৰ ওপৰত বাৰে বাৰে পাশৱিক আতিশয্য চলোৱাৰ উপৰি এজন বন্দীৰ ডিঙি ৰেপি হত্যা কৰি মহিলাগৰাকীক বন্দীজনৰ মাংস ৰান্ধি খাবলৈ বাধ্য কৰাইছিল৷ কেইদিনমান পিছত মহিলাগৰাকীক সন্ত্রাসবাদীবোৰে মুকলি কৰি দিয়ে যদিও অন্য এক জেহাদী গোটে পুনৰ অপহৰণ কৰে তেওঁক৷