নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৰুজনাৰ স্মৃতি বিজড়িত সত্ৰশাল শ্ৰী ৰামৰাই কুটি সত্ৰত আজি শ্ৰী জগন্নাথৰ ৰথযাত্ৰা

নিয়মীয়া বাৰ্তা, ১ জুলাই: নামনি অসমৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী ধুবুৰী জিলাৰ সত্ৰশালত অৱস্হিত গুৰুজনাৰ স্মৃতি বিজড়িত শ্ৰী শ্ৰী ধাম ৰামৰাইকুটি সত্ৰত আজি শ্ৰী জগন্নাথ প্ৰভুৰ ৰথ যাত্ৰা মহোৎসৱ অনুষ্ঠিত হ’ব । উক্ত ৰথযাত্ৰা উপলক্ষে সমুহ ভক্তপ্ৰান ৰাইজৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। ঐতিহ্যমন্ডিত সত্ৰখনত আজি পুৱাৰে পৰা ভকত সকলে ভাৰত বৰ্ষৰ ভিতৰতে দুৰ্লভ পিতলৰ ৰথখন সু সুসজ্জিত কৰি পৰম্পৰাগত সকলো ৰীতি নিয়মেৰে ৰথযাত্ৰাৰ পূৰ্ন প্ৰস্তুতি সম্পন্ন কৰিছে। আজি দুপৰীয়া ৰথৰ পৰিক্ৰমা অনুষ্ঠিত হব বুলি জনা গৈছে। উক্ত ৰথত শ্ৰী কৃষ্ন আৰু বলভদ্ৰৰ বিগ্ৰহ উঠাই গায়,বায়ন,নাম,কীৰ্তনেৰে সত্ৰৰ মুল গূহ পৰিক্ৰমা কৰি সমীপৱৰ্ত্তী ঘুনুচাবাৰী লৈ নিয়া হব আৰু সাত দিনৰ পিছত পুনৰ নাম,কীৰ্তন ,পূজা অৰ্চনাৰে সত্ৰ লৈ আপ্যায়ন কৰা হ’ব।

স্মৰ্তব্য যে,উক্ত ৰথ যাত্ৰাত অসম ,পশ্চিম বংগকে ধৰি বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ সমাগম হয় ।এই বেলীও উক্ত ৰথ যাত্ৰাত ভকত তথা স্হানীও ৰাইজে সমূহ ভক্ত প্ৰাণ ৰাইজৰ উপস্হিতি কামনা কৰিছে। স্মৰ্তব্য যে,শ্ৰী জগন্নাথৰ ৰথ যাত্ৰা অনুষ্ঠিত হোৱা এই খনেই অসমৰ একমাত্ৰ সত্ৰ বুলি পৰিচিত । ‌

You might also like