ক’ভিডৰ মাজতে অচিন মহামাৰীৰ আতংক উত্তৰ কোৰিয়াত
নিয়মীয়া বাৰ্তা ১৭ জুন: ক’ভিড মহামাৰীৰ মাজতে উত্তৰ কোৰিয়াক অন্য এক মহামাৰীয়ে দেখা দিছে৷ অন্ত্র বা পেটৰ পীড়াৰ পৰা এই মহামাৰীৰ উদ্ভৱ হোৱা বুলি দেশখনৰ সংবাদ মাধ্যমে সদৰী কৰিছে যদিও সবিশেষ তথ্য প্রকাশ কৰা নাই৷ চৰকাৰী সংবাদ সংস্থা কেচিএনএৰ প্রতিবেদন অনুসৰি কালি পশ্চিম প্রান্তৰ বন্দৰ চহৰ হিজুলৈ ৰাষ্ট্রপতি কিম জং–উনে নিজাববীয়াকৈ দৰব প্রেৰণ কৰিছে৷ লক্ষণীয়ভাৱে এই ৰোগত কিমানসংখ্যক লোক আক্রান্ত হৈছে উত্তৰ কোৰিয়া চৰকাৰে সেই সন্দর্ভত কোনো তথ্য সদৰী কৰা নাই৷ নাইবা এই ৰোগবিধক এতিয়ালৈকে চিনাক্ত কৰাও হোৱা নাই৷ সংবাদ মাধ্যমে প্রকাশ কৰা অনুসৰি অচিনাক্ত এই অন্ত্রৰ মহামাৰীয়ে দেখা দিছে দেশখনৰ এক কৃষিপ্রধান অঞ্চলত৷ লক্ষণীয়ভাৱে ক’ভিড–১৯ মহামাৰীৰ সমান্তৰালকৈ দেশখনত খাদ্য সংকটো চলি আছে৷ ইয়াৰ মাজতে নতুন মহামাৰীয়ে দেখা দিয়া বুলি কেচিএনএৰ তৰফৰ পৰা সদৰী কৰাৰ লগে লগে বিষয়টোক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ অৱশ্যে দক্ষিণ কোৰিয়াৰ মতে উত্তৰ কোৰিয়াৰ বিভিন্ন স্থানত এতিয়া কলেৰা আৰু টাইফয়ড আৰম্ভ হৈছে৷ কিন্তু উত্তৰ কোৰিয়াই এই মহামাৰীৰ প্রথম লক্ষণ পেটৰ পীড়া বুলি ঘোষণা কৰিছে৷